অসম

assam

ETV Bharat / state

বিপিএফ তথা বিৰোধীৰ গুণ্ডাগিৰিক সহ্য কৰা নহ’বঃ ৰূপম গোস্বামী

মঙলবাৰে ওদালগুৰি জিলাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উদ্যোগত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ থকা সভাত বি পি এফ ৰ লগতে আন বিৰোধী দলৰ গুণ্ডাবাহিনীয়ে সৃষ্টি কৰা অপ্ৰীতিকৰ পৰিস্থিতক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ।

By

Published : Dec 1, 2020, 10:54 PM IST

বিপিএফ তথা বিৰোধীৰ গুণ্ডাগিৰিক সহ্য কৰা নহ’বঃ ৰূপম গোস্বামী
বিপিএফ তথা বিৰোধীৰ গুণ্ডাগিৰিক সহ্য কৰা নহ’বঃ ৰূপম গোস্বামী

গুৱাহাটী, ১ ডিচেম্বৰঃবিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ৰাজনৈতিক দলবোৰৰ মাজত নিৰ্বাচনকেন্দ্ৰিক হিংসা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মঙলবাৰে ওদালগুৰি জিলাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উদ্যোগত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ থকা সভাত বিপিএফৰ লগতে আন বিৰোধী দলৰ গুণ্ডাবাহিনীয়ে সৃষ্টি কৰা অপ্ৰীতিকৰ পৰিস্থিতক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ।

বিপিএফ তথা বিৰোধীৰ গুণ্ডাগিৰিক সহ্য কৰা নহ’বঃ ৰূপম গোস্বামী

ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰগৰাকীয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া উপস্থিত থকা সভাত হোৱা এই আক্ৰমণ পৰিকল্পিত আছিল । নিৰ্বাচনৰ আগত যে বিটিচি এলেকাত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়, তাৰ বাবে বি পি এফৰ লগতে আন বিৰোধীয়ে এয়া চক্ৰান্ত চলাইছে ।

বিপিএফ তথা বিৰোধীৰ গুণ্ডাগিৰিক সহ্য কৰা নহ’বঃ ৰূপম গোস্বামী

প্ৰকৃতাৰ্থত, একাংশ বিৰোধী দলে বিটিচি এলেকাত ভাৰতীয় জনতা পাৰ্টিৰ সীমাহীন জনপ্ৰিয়তা আৰু ৰাইজে বিজেপিৰ প্ৰতি দেখুওৱা অকুণ্ঠ সঁহাৰিৰ প্ৰতি আতংকিত আৰু ভীতিগ্রস্ত হৈছে, মগজুৰ বিকৃতি ঘটিছে । সেয়েহে, শান্তিপূৰ্ণভাৱে চলি থকা সভাত দানৱৰ দৰে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে । বিৰোধীৰ এনেধৰণৰ কাৰ্যকলাপত ভাৰতীয় জনতা পাৰ্টি অলপো বিচলিত নহয় আৰু ৰাইজৰ মৰম আশীৰ্বাদত ভাৰতীয় জনতা পাৰ্টিয়েই বিটিচি নিৰ্বাচনত শেষ হাঁহি মাৰিব বুলি মুখ্য মুখপাত্ৰ গৰাকীয়ে সদৰী কৰে ।

লগতে পঢ়কঃ এসময়ত দেশী বিদেশী পৰ্যটকৰে ভৰি থকা চাপানালা আজি জনশূণ্য

ABOUT THE AUTHOR

...view details