গুৱাহাটী, ৯ জানুৱাৰী:গঁড়ৰ খড়্গ, গৰুৰ পৰা আৰম্ভ কৰি আন সামগ্ৰীৰ চোৰাং ব্য়ৱসায়ৰ বিষয়ে সকলোৱে জ্ঞাত । সময়ে সময়ে এই ব্য়ৱসায়ৰ বিষয়ে চৰ্চাও হৈছে । এইবোৰ চুবুৰীয়া দেশলৈ গোপনে সৰবৰাহৰ কথাই প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে । শুনি আচৰিত যেন লাগিলেও এতিয়া চলিছে মানৱ দেহৰ অংগৰ আন এটা চোৰাং বেহা । এইবাৰ মানুহৰ চুলিৰ চোৰাং বেপাৰ (Human hair smuggling) ৷ মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফে বৃহৎ পৰিমাণৰ মানৱ দেহৰ চুলি জব্দ কৰিবলৈ সক্ষম হৈছে ৷
বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰে বিদেশলৈ চোৰাংভাৱে গৰু সৰৱৰাহৰ বিষয়ে সৰৱ চৰ্চা হৈ থকাৰ মাজতেই এইবাৰ বাংলাদেশ সীমান্তৱৰ্তী গাঁৱত জব্দ হৈছে মানৱ দেহৰ চুলি । বাংলাদেশ সীমান্তৱৰ্তী গাঁও জামাদৱাৰ, দক্ষিণ-পশ্চিম খাচী হিলছ এলেকাত দেওবাৰে এই চোৰাং চুলিখিনি জব্দ কৰা হয় ৷ বাংলাদেশৰ পৰা চীন আৰু টাইৱানলৈ অধিক জাহাজ চলাচল হোৱা বাবে 'মানৱ চুলি'ৰ চোৰাং বেপাৰৰ নতুন সৰবৰাহৰ হাবত পৰিণত হৈছে এই অঞ্চলটো (BSF seized hair at Meghalaya Border)৷
দেওবাৰে মেঘালয়ত বাংলাদেশ সীমান্তত ১৯৩ বেটেলিয়নৰ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে আন্তঃৰাষ্ট্ৰীয় বজাৰত অবৈধ বিক্ৰীৰ বাবে নিৰ্ধাৰিত ৩০০ কিলোগ্ৰাম মানৱ চুলি জব্দ কৰে বুলি বিএছএফৰ বিষয়াসকলে সদৰি কৰিছে (BSF officials statement)। বিএছএফৰ বিষয়াসকলে সদৰি মতে, আন্তঃৰাষ্ট্ৰীয় বজাৰত এই চুলিখনিৰ মূল্য হৈছে ৩০ লাখ টকা (BSF seized worth 30 lakhs hair)। এই চুলিখনি শিলচৰৰ পৰা বাংলাদেশ সীমান্তৱৰ্তী গাঁও জামাদৱাৰ, দক্ষিণ-পশ্চিম খাচী পাহাৰলৈ নিবলৈ চেষ্টা কৰা হৈছিল ৷ উদ্দেশ্য আছিল নদীৰ পাৰ কৰি বাংলাদেশলৈ চোৰাংভাৱে লৈ যোৱা ।
মেঘালয়ৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কিছু সুৰুঙা প্ৰায়ে এনেদৰে চোৰাং সামগ্ৰী সৰবৰাহৰ দুৱাৰমুখ হিচাবে বিবেচিত হৈ আহিছে ৷ বি এছ এফৰ এক বিবৃতিত উল্লেখ কৰা মতে জব্দ কৰা মানুহৰ চুলিখিনি মেঘালয়ৰ পূব খাছী পাহাৰৰ শুল্ক বিভাগৰ হাতত গতাই দিয়া হৈছে (East Khasi Hills of Meghalaya)। পূৰ্বতে ম্যানমাৰ এই বেহাৰ অন্য়তম দেশ হিচাপে ব্যৱহাৰ কৰা হৈছিল । মানুহৰ এনে চুলি উইগ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় যাৰ আন্তঃৰাষ্ট্ৰীয় চাহিদা প্ৰচুৰ পৰিমাণে আছে । গঁড়ৰ খড়্গৰ পিছত এইবাৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত চীন আদি দেশৰ লোলুপ দৃষ্টি পৰিছে 'মানৱ চুলি'ৰ ওপৰত ।
লগতে পঢ়ক:Mahendra Hazarika on Accident: বিজুতিপূৰ্ণ পথৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ মহেন্দ্ৰ হাজৰিকাৰ