আজাৰা, 13 নৱেম্বৰ: দেশৰ সীমা সুৰক্ষা বাহিনীৰ হাতত সততে দেখা যায় বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ ৷ তাৰ পৰিৱৰ্তে আজাৰাস্থিত সেনা চাউনীৰ সেনা জোৱান সকলৰ মাজত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷ এইবাৰ মাৰণাস্ত্ৰৰ সলনি গীতাৰ,তবলা,কীব’ৰ্ডৰ লগত ব্যস্ত হৈ পৰা পৰিলক্ষিত হ’ল সেনা জোৱান সকলক। দেশ মাতৃৰ নিৰাপত্তাৰ দায়িত্বত থকা জোৱানসকলৰ কণ্ঠেৰে মঙলবাৰে নিগৰিত হ’ল দেশ প্ৰেমমূলক গীত। অত্যন্ত মনোগ্ৰাহী এই অনুষ্ঠানত জোৱানসকলে প্ৰদৰ্শন কৰা বাঁহীৰ সুৰে উপস্থিত আটাইকে আপ্লুত কৰে ।
সংগীত চৰ্চাত ব্যস্ত সেনা: ক’ত আৰু কিয়!! - আজাৰাস্থিত সেনা চাউনী
আজাৰাস্থিত সেনাচাউনীৰ সেনাসকলৰ মাজত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷ সুৰক্ষা বাহিনীৰ বিষয়াসকলে শিশুগৃহ এচ অ’ এচ ভিলেজৰ শিশুসকলৰ লগত ভাৱ বিনিময় কৰে,সীমা সুৰক্ষা বাহিনী উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা পিয়ুছ মৰ্দিয়াৰ লগতে বহুতো উচ্চপদস্থ বিষয়া অনুষ্ঠানটোত উপস্থিত আছিল
উল্লেখ্য যে,গুৱাহাটী মহানগৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ সমীপৰ এচ অ’ এচ ভিলেজত বুধবাৰে এক অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হয় ৷ ৰাণীস্থিত সীমা সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ে এই অনুষ্ঠানৰ আয়োজন কৰে ৷ এই অনুষ্ঠানতে বিভিন্ন কলাৰো প্ৰদৰ্শন কৰা হয়। সীমা সুৰক্ষা বাহিনী,উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা পিয়ুছ মৰ্দিয়াৰ লগতে বহুতো উচ্চপদস্থ বিষয়া অনুষ্ঠানটোত উপস্থিত থাকে ৷ সুৰক্ষা বাহিনীৰ বিষয়াসকলে শিশুসকলৰ লগত ভাৱ বিনিময় কৰে।
লগতে চাওক:গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা জব্দ 10 কিলোগ্ৰাম গাঞ্জা