গুৱাহাটী,25 ডিচেম্বৰ: বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতলৈ অহা নাই অনুপ্ৰৱেশকাৰী ৷ এই মন্তব্য বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ সঞ্চালক প্ৰধান শ্বফিনুল ইছলামৰ ৷ বিজিবিৰ সঞ্চালক প্ৰধানগৰাকীয়ে ভাৰতত বাংলাদেশ অনুপ্ৰৱেশকাৰীৰ সমস্যা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী আইনৰ কোনো প্ৰভাৱ পৰা নাই বাংলাদেশত ৷ ইয়াৰ উপৰিও বাংলাদেশৰ জনমুৰি আয়ো বৰ্তমান উন্নত ৷ গতি এনে পৰিস্থিত চুবুৰীয়া ৰাষ্ট্ৰ কোনো লোকেই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ প্ৰশ্ন উত্থাপন নহয় ৷ ইয়াৰ বিপৰীতে ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীয়ে 2020 ৰ 15 ডিচেম্বৰ পৰ্যন্ত বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ লোৱা 3,204 জনক কৰায়ত্ত কৰাৰ কথা সদৰি কৰে ৷
ইয়াৰ উপৰিও এই সংবাদমেলতে দুয়ো দেশৰ মাজত নিচাযুক্ত দ্ৰব্যৰ সৰৱৰাহ আৰু চোৰাং গৰু সৰৱৰাহ কাৰ্য ৰোধৰ ওপৰতো বিভিন্ন আলোচনা কৰে দুয়ো দেশৰে সঞ্চালক প্ৰধানে ৷ গৰু সৰবৰাহৰে জড়িত 2018 ত 3 জন, 2019 ত 35 জন আৰু 2020 ৰ বৰ্তমানলৈকে 48 জনকৈ লোক নিহত হৈছে বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ হাতত । সমান্তৰালকৈ ভাৰতৰ তৰফৰ পৰাও গৰু সৰবৰাহ ৰোধৰ বাবে 820 বাৰ লঘু গ্ৰেনেড আৰু 2,676 বাৰ একচন গান ব্যৱহাৰ কৰা বুলি জনিবলৈ দিয়ে সুৰক্ষা সংস্থা দুটাই ৷