গুৱাহাটী, ৭ আগষ্ট :দেশত ক'ভিডৰ (Covid) সংক্ৰমণ অব্যাহত থকাৰ মাজতো সীমান্ত অঞ্চলত সষ্টম হৈ আছে সীমান্ত সুৰক্ষা বাহিনী (BSF) । ভাৰত-বাংলাদেশ সীমান্ত আৰু ভাৰত পাকিস্তান সীমান্তত ড্ৰাগছ, অস্ত্ৰ-শস্ত্ৰ, গৰু, নকল মুদ্ৰা আৰু মানৱ সৰবৰাহৰ ঘটনাবোৰ যাতে সংঘটিত হ'ব নোৱাৰে তাৰ বাবে বিএছএফ আৰু বৰ্ডাৰ আউটপ'ষ্ট (BOP) সমূহক কঠোৰভাৱে নিৰ্দেশনা প্ৰদান কৰিছে চৰকাৰে ।
ইয়াৰ মাজতে সীমান্ত সুৰক্ষা বাহিনীয়ে শনিবাৰে কোনো বৈধ নথি অবিহনে অবৈধভাৱে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হ'বলৈ চেষ্টা কৰা কেইবাজনো বাংলাদেশৰ নাগৰিকক আটক কৰিবলৈ সক্ষম হয় । গুৱাহাটী সীমান্তৰ অধীনৰ ১৯২ বেটেলিয়নৰ বিএছএফ জোৱানসকলে আটক কৰে প্ৰায় ১০ গৰাকীকৈ লোকক ।
আটকাধীনসকলৰ ভিতৰত পাঁচগৰাকী শিশু আৰু চাৰিগৰাকী মহিলাও আছে । ইফালে গুৱাহাটী সীমান্তৰ অন্তৰ্গত বৰ্ডাৰ আউটপ'ষ্ট (BOP) সতভাণ্ডাৰীত বিএছএফৰ নিযুক্তিৰ এদিন পিছতে এক বিশেষ অভিযানত অবৈধ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰিবলৈ সক্ষম হৈছে আৰক্ষী তথা বিএছএফ ।