অসম

assam

ETV Bharat / state

Fake Indian Currency Notes Seized: অসম-বাংলাদেশ সীমান্তত ৩ লাখ টকাৰ জাল নোট জব্দ, দুই ধৃত

বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰে পশ্চিম বংগৰ ভাৰত আৰু বাংলাদেশ সীমান্তত বৃহস্পতিবাৰে বহু সংখ্যক চোৰাং গৰুৰ সহ গৰুৰ চোৰাং সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ কৰাৰ পিছত শুক্ৰবাৰে বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰে অসমৰ ভাৰত আৰু বাংলাদেশ সীমান্তত ৩,০৩,০০০ টকাৰ ভাৰতীয় জাল নোট জব্দ কৰে (Fake Indian Currency Notes) ।

By

Published : Feb 4, 2022, 10:31 PM IST

Fake Indian Currency Notes
অসম-বাংলাদেশ সীমান্তত ৩ লাখ টকাৰ জাল নোট জব্দ

গুৱাহাটী, 4 ফেব্ৰুৱাৰী: ভাৰত আৰু বাংলাদেশ সীমান্তত বিশেষকৈ অসম আৰু পশ্চিম বংগৰ ভাৰত-বাংলাদেশ সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে চোৰাং ব্যৱসায়ী বিশেষকৈ অবৈধ কাৰ্যকলাপৰ ঘটনা । বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰে পশ্চিম বংগৰ ভাৰত আৰু বাংলাদেশ সীমান্তত বৃহস্পতিবাৰে বহু সংখ্যক চোৰাং গৰুৰ সহ গৰুৰ চোৰাং সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ কৰাৰ পিছত শুক্ৰবাৰে বি এছ এফ গুৱাহাটী ফ্ৰন্টিয়াৰে অসমৰ ভাৰত আৰু বাংলাদেশ সীমান্তত ৩,০৩,০০০ টকাৰ ভাৰতীয় জাল নোট জব্দ কৰে ।

বি এছ এফে জাল নোটখিনি সৰবৰাহ কৰা দুজন জাল নোট সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে (BSF apprehended two FICN suppliers) । ধৃত জাল নোট সৰবৰাহকাৰী দুজন ধুবুৰীৰ ভগদৰে গাঁৱৰ গুলাবুদ্দিন (২২) আৰু ধুবুৰীৰ ধৰমচলা গাৱৰ আইজুল হক (২৫)।

বি এছ এফে ধুবুৰী আৰক্ষী সহযোগত এই জাল নোট সৰবৰাহকাৰী চক্ৰটোক অসমৰ ভাৰত আৰু বাংলাদেশ সীমান্তৰ ধুবুৰীৰ ভগদৰে গাঁৱত গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক:জু-ৰ'ডৰ গ্ৰেনেড বিস্ফোৰণ: আঠজনৰ বিৰুদ্ধে নিয়াই দাখিল কৰিলে অভিযোগ নামা

ABOUT THE AUTHOR

...view details