গুৱাহাটী, ১০ মে :মংগলবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল বৃন্দাবন চুপাৰ মাৰ্ট নামৰ এখন বিপণী । মঙলবাৰে শিল্পী জুবিন গাৰ্গে আনুষ্ঠানিকভাৱে মুকলি কৰে এই বিপণীখন (Brindaban Super mart officially opened by Zubeen Garg) ৷ পূৰ্বে ছয়মাইলত শিল্পী গৰাকীয়ে বৃন্দাবন চুপাৰ মাৰ্ট বিপনীখন মুকলি কৰিছিল যদিও পিছলৈ ছয়মাইলৰ পৰা জয়ানগৰ চাৰিআলিলৈ স্থানান্তৰ কৰা হয় বিপণীখন ৷ ইফালে, এই বিপণীখনৰ জৰিয়তে কৃষকসকল যথেষ্ট লাভান্বিত হ'ব বুলি আশা প্ৰকাশ কৰে শিল্পীগৰাকীয়ে ৷
ইপিনে, অসম চৰকাৰৰ বৰ্ষপূৰ্তি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি শিল্পীগৰাকীয়ে কয় যে, "সকলোৱে ভালকৈ কাম কৰক ৷ দুৰ্নীতিমুক্ত, ড্ৰাগছ মুক্ত অসম হওঁক, লগতে প্ৰশাসন আৰু আৰক্ষীয়ে হাতে হাত ধৰি কাম কৰক ।"