অসম

assam

ETV Bharat / state

Darrang district land scam:দৰং জিলাৰ Land Advisory Board ৰ দুৰ্নীতিৰ তদন্তৰ দাবী

খিলঞ্জীয়াক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি অনা অসমীয়াক ভূমি পট্টা দিয়া দৰং জিলাৰ Land Advisory Board ৰ দুৰ্নীতিৰ তদন্তৰ দাবীত চচলত প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ ৷

darrang district land scam
দুৰ্নীতিৰ তদন্তৰ দাবী

By

Published : Aug 4, 2023, 9:29 PM IST

দুৰ্নীতিৰ তদন্তৰ দাবী

গুৱাহাটী , ৪ আগষ্ট : এইবাৰ ভূমি কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছে মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি সাংসদ দিলীপ শ‍ইকীয়া আৰু দলগাঁও বিধানসভা সমষ্টিৰ এ আই ইউ দি এফ বিধায়ক মজিবুৰ ৰহমানৰ । খিলঞ্জীয়া লোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি এই দুই ৰাজনীতিবিদে ব্যক্তিগত স্বাৰ্থৰ বাবে কেইবাহাজাৰ বিঘা ভূমি অনা অসমীয়া লোকক আৱণ্টন দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই ৷

দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ অধীনত ভূমি পট্টা প্ৰদানৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত বিচাৰি শুকুৰবাৰে চচলত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উদ্দোগত ১১ বজাৰ পৰা দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সন্থাৰ দুই শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ প’ষ্টাৰ লৈ দৰং জিলাৰ Land Advisory Board ৰ দুৰ্নীতিৰ তদন্ত কৰক, মাটিৰ দলালী কৰা সাংসদ দিলীপ শইকীয়া মূৰ্দাবাদ, দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰক, ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা প্ৰদান কৰক আদি বিভিন্ন শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে ।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি বিপুল মহন্ত আৰু সচিবপ্ৰধান মানসজ্যোতি বৰুৱাই কয় যে, ‘দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ অধীনত ভূমিহীন লোকক ভূমি পট্টা প্ৰদানৰ নামত একাংশ ৰাজনৈতিক ব্যক্তিৰ লগতে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়া আৰু দলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে গোপনে অবৈধভাৱে ধন সংগ্ৰহৰে ভূমি পট্টা প্ৰদান কৰাটো আৰ টি আই তথ্যৰ পৰা জানিব পাৰিছো’ ।

লক্ষণীয় কথা এই যে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াৰ নেতৃত্বাধীন Land Advisory Board ৰ পৰা দলগাঁও ৰাজহ চক্ৰত 2020 ৰ ১১ ডিচেম্বৰত ৩২০ গৰাকী, ২০২২ চনৰ ২৪ এপ্ৰিলত ২৭৪ গৰাকী আৰু 2022 ত ২৩ চেপ্তেম্বৰত ১০৮৮ গৰাকী লোকে ভূমি আৱন্টন লাভ কৰিছে । কেইবাহাজাৰ বিঘা চৰকাৰী ভূমি আৱন্টন লাভ কৰা ইয়াৰে প্ৰায় ৯৫ শতাংশ লোকেই অ-খিলঞ্জীয়া অৰ্থাৎ মিয়া সম্প্ৰদায়ৰ লোক ।

এই সমিতিখনৰ দৰং জিলাৰ ভিতৰতে অ-খিলঞ্জীয়া লোকৰ ভূমি পট্টা প্ৰদানৰ তুলনাত খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদানৰ ভূমিকা প্ৰায় শূণ্য বুলি ক’ব পাৰি । ইয়াৰ জৰিয়তে এইটো কথা স্পষ্ট হৈছে যে ক্ষমতাৰ বলত একাংশ ৰাজনৈতিক নেতাই প্রশাসন যন্ত্র বিপথে পৰিচালিত কৰি ব্যক্তিগত মুনাফা লাভৰ বাবে এনে নিকৃষ্ট পন্থা অৱলম্বন কৰিছে ।

দৰং জিলাত বহু খিলঞ্জীয়া লোক বৰ্তমানেও ভূমিহীন তথা ভূমি পট্টাহীন হৈ আছে যদিও দলগাঁও ৰাজহ চক্ৰত অ-খিলঞ্জীয়া লোকসকলে কেনেকৈ ব্যাপক হাৰত ভূমি আৱন্টন পালে সেয়াহে এতিয়া বিচার্য বিষয় হৈ পৰিছে । সেয়ে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, কেন্দ্রীয় সমিতিয়ে উক্ত ভূমি কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক :Protest in Silsako Beel: শিলসাঁকোৰ উচ্ছেদিত স্থানত পুনৰ ৬০০ উচ্ছেদিত লোকে বনাব নতুনকৈ ঘৰ; বাধা দিলে হ’ব মৰণপন যুঁজ

ABOUT THE AUTHOR

...view details