অসম

assam

ETV Bharat / state

বিপদ সীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

বিপদ সীমাৰ নিচেই কাষেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ প্ৰতি ঘন্টাত 3-5 ছেন্টিমিটাৰকৈ মহানগৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰিছে আৰু শনিবাৰলৈ জলস্তৰৰ মাত্ৰা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় জল আয়োগৰ কৰ্মকৰ্তাই ৷

By

Published : Jun 26, 2020, 1:38 PM IST

as_ghy_01_brahmaputra_water_level_vis+bite_7201051
as_ghy_01_brahmaputra_water_level_vis+bite_7201051

গুৱাহাটী, 26 জুনঃ বিগত কিছুদিনৰ পৰা ক্ৰমাগতভাৱে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ শুকুৰবাৰে পুৱা 10 বজালৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ আছিল বিপদ সীমাৰ 49.62 স্তৰত ৷ আনহাতে ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ বিপদ সীমা হৈছে ৪৯.৬৮০ ৷ বিপদসীমা অতিক্ৰম কৰিবলৈ বাকী মাথো 4 ছেণ্টিমিটাৰ ৷ কেন্দ্ৰীয় জল আয়োগৰ কৰ্মী ছাদিকুল হকে উল্লেখ কৰা অনুসৰি, দুঘণ্টাৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ৷ ইয়াৰ লগে লগে শনিবাৰলৈ জলস্তৰৰ মাত্ৰা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও জানিবলৈ দিয়ে কেন্দ্ৰীয় জল আয়োগৰ কৰ্মী গৰাকীয়ে ৷ লগতে প্ৰতি ঘন্টাত 3-5 ছেন্টিমিটাৰকৈ মহানগৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰিছে বুলিও উল্লেখ কৰে তেওঁ ৷

বিপদ সীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

শুকুৰবাৰে নিশাৰ পৰা ব্ৰহ্মপুত্ৰ জলস্তৰ অধিক হাৰত বৃদ্ধি পাই আছে বুলি জানিব পৰা গৈছে ৷ ব্ৰহ্মপুত্ৰত জলস্তৰৰ অস্বাভাৱিক বৰ্ধিত মাত্ৰাৰ বাবে ইতিমধ্যে 4 দিন পূৰ্বেই ফেৰী চলাচল বন্ধ কৰি দিয়া হৈছে ৷ আভ্যন্তৰীণ জল পৰিবহন বিভাগে শুকুৰবাৰে ফেৰী চলাচল পুনৰ অব্যাহত কৰাৰ সিন্ধান্ত লৈছিল যদিও, জলস্তৰ বৃদ্ধি পোৱাৰ বাবে পুনৰ এই সেৱা বন্ধ কৰি দিছে ৷ জলস্তৰ হ্ৰাস নোপোৱা পৰ্যন্ত ফেৰী সেৱা বন্ধ থাকিব বুলি জানিবলৈ দিয়ে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মী তাৰা মিঞাই ৷

বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱা

লগতে পঢ়কঃজোনাইত ভয়ংকৰ নাও দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details