গুৱাহাটী, 24 ছেপ্টেম্বৰঃ সপ্তমবাৰৰ বাবে আয়োজিত হ'ব ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল । 6 বছৰ সফল সংস্কৰণ পিছত 26 ছেপ্টেম্বৰৰ পৰা 29 ছেপ্টেম্বৰ লৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ সপ্তম সংস্কৰণ । চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা এই ফিল্ম ফেষ্টিভেল আয়োজন কৰা হৈছে গুৱাহাটীৰ মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত ।
অনুষ্ঠিত হ’ব ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ সপ্তম সংস্কৰণ - BRAHMAPUTRA VALLEY FILM FESTIVAL TO START FROM 26TH SEPTEMBER
ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত 33 খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ছবি প্ৰদৰ্শন কৰা হ'ব লগতে বিভিন্ন স্থানৰ পৰা আমন্ত্ৰণ কৰা হৈছে খ্যাতিসম্পন্ন পৰিচালকসকলক ।
ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত 33 খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ছবি প্ৰদৰ্শন কৰা হ'ব লগতে বিভিন্ন স্থানৰ পৰা আমন্ত্ৰণ কৰা হৈছে খ্যাতিসম্পন্ন পৰিচালকসকলক । 33 খন ছবি ভিতৰত থাকিব অসমীয়াৰ লগতে নাগালেণ্ড, মিজোৰামৰ কেবাখনো চলচিত্ৰ। সপ্তম ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব ছবি নিৰ্মাতা ইমতিয়াজ আলী আৰু অভিনেত্ৰী সোভিতা ধোলিপালা । এইবাৰৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব লগা প্ৰথমখন ছবি পৰিচালক প্ৰতিম ডি গুপ্তাৰ ছবি শান্তিলাল অ' প্ৰজাপতি ৰহস্য ।
ইয়োপৰি, এইবাৰ ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত সকলো দৰ্শকৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰা হৈছে বুলি জানিবলৈ দিছে আয়োজক সমিতিৰ সঞ্চালিকা বৰ্ষা ৰাণী বিষয়াই ৷