অসম

assam

ETV Bharat / state

গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰিলে ব্ৰহ্মপুত্ৰৰ জলস্তৰে - গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰিলে ব্ৰহ্মপুত্ৰৰ জলস্তৰে

ঘন্টাত ২-৩ ছেন্টিমিটাৰকৈ বৃদ্ধি হৈ আছে লুইতৰ পানী। ইপিনে আৰু ১ মিটাৰ পানী বৃদ্ধি হ'লেই গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া এলেকা হ'ব জলমগ্ন।

brahmaputra-flowing-above-danger-level-in-guwahati
গুৱাহাটীত বিপদসীমা অতিক্ৰম ব্ৰহ্মপুত্ৰৰ জলস্তৰ

By

Published : Jul 12, 2020, 5:39 PM IST

গুৱাহাটী,12জুলাইঃ কৰ'ণাৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া বানৰ বিভীষিকা । নেৰানেপেৰা বৰষুণৰ লগতে নীপকোয়ে পানী এৰি দিয়াৰ ফলত ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰই । ইতিমধ্যেই গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰে । ঘন্টাত ২-৩ ছেন্টিমিটাৰকৈ বৃদ্ধি হৈ আছে লুইতৰ পানী ।

গুৱাহাটীত বিপদসীমা অতিক্ৰম ব্ৰহ্মপুত্ৰৰ জলস্তৰ
বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৪৮.৯৬ মিটাৰ । ইপিনে আৰু ১ মিটাৰ পানী বৃদ্ধি হ'লেই গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া এলেকা হ'ব জলমগ্ন । কেন্দ্ৰীয় জল আয়োগে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে এই তথ্য। ইফালে ব্ৰহ্মপুত্ৰৰ পাৰত ৰখাই থোৱা কেইবাখনো জাহাজ ইতিমধ্যেই পানীত ডুব যোৱা পৰিলক্ষিত হৈছে ।লগতে পঢ়কঃবৰপেটাৰ গান্ধীনগৰত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details