অসম

assam

ETV Bharat / state

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক বিৰোধিতা ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিৰ

লগতে বড়ো ভূমিৰ পৰা অবড়ো গাঁও কৰ্তন আৰু বড়ো ভূমিত বড়ো গাঁও সন্নিবিষ্ট কৰাৰ লগতে ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ কৰাৰ দাবী জনাইছে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিয়ে ৷

Brahmaputra civil society press meet at Guwahati
সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক বিৰোধিতা ব্ৰহ্মপুত্ৰ ভেলি চিভিল ছ'চাইটিৰ

By

Published : Jun 4, 2020, 2:21 PM IST

গুৱাহাটী, 4 জুন : অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিৰ ৷ লগতে বড়ো ভূমিৰ পৰা অবড়ো গাঁও কৰ্তন আৰু বড়ো ভূমিত বড়ো গাঁও সন্নিবিষ্ট কৰাৰ লগতে ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ কৰাৰ দাবী জনাইছে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিয়ে ৷ এই সন্দৰ্ভত বিভিন্ন দাবীৰে বৃহস্পতিবাৰে এক সংবাদমেল অনুষ্ঠিত কৰে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিয়ে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক বিৰোধিতা ব্ৰহ্মপুত্ৰ ভেলি চিভিল ছ'চাইটিৰ

উল্লেখ্য যে, ২০০২ চনত সমগ্ৰ ভাৰতবৰ্ষতে বিধানসভা আৰু লোকসভাৰ সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কাম কেন্দ্ৰীয় চৰকাৰে কাম আৰম্ভ কৰিছিল ৷ কিন্তু অসমত বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাত কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰণালয়ে ২০০৮ চনৰ 8 ফেব্ৰুৱাৰীত এছ অ ২৮৪ (E) নং আদেশ যোগে অসমত সমষ্টিৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া স্থগিত ৰাখিছিল । অসমত সমষ্টিৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া স্থগিত ৰখাৰ মূলতে আছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম সম্পূৰ্ণ নোহোৱা । অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম সম্পূৰ্ণ কৰি অবৈধ বিদেশীক চিনাক্ত কৰি বহিস্কাৰ কৰাৰ পিছতে সমষ্টিৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী জনাইছিল বিভিন্ন দল সংগঠনে ৷ কিন্তু ইয়াৰ মাজতে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে পুনৰ সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কাম আৰম্ভ কৰাৰ যি সিদ্ধান্ত লৈছে ইয়াক তীব্ৰ বিৰোধ কৰিছে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিয়ে । ছ'চাইটীৰ কাৰ্যকৰী সভাপতি আব্দুল বাতিন খণ্ডকাৰে মন্তব্য কৰে, "অসমত বৰ্তমানেও ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম সম্পূৰ্ণ হৈ উঠা নাই, প্ৰায় ১৯ লাখ লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হোৱা নাই ৷ ইয়াৰে বহু লোক প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ পৰিবৰ্তে বহু লোক অবৈধ বিদেশী নাগৰিক থাকিব পাৰে ৷ গতিকে এনে ক্ষেত্ৰত সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কাম কৰাটো যুক্তিসংগত নহয় ।

ইয়াৰ উপৰিও এই সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰথমে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম সম্পূৰ্ণ কৰি, লগতে বড়ো চুক্তি অনুসৰি বড়ো ভূমিৰ পৰা অবড়ো গাঁও সমূহ কৰ্তন কৰাৰ লগতে বড়ো ভূমিত বড়ো গাঁও সমূহ অন্তৰ্ভূত কৰাৰ পিছতহে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কাম আৰম্ভ কৰাৰ দাবী জনাই ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিয়ে ৷

লগতে পঢ়কঃ বানৰ কবলত পুৰণিগুদামৰ বিস্তীৰ্ণ অঞ্চল

ABOUT THE AUTHOR

...view details