অসম

assam

ETV Bharat / state

Brahmaputra Carnival 2023: অসমৰ বৃহত্তৰ স্বাৰ্থত জিলাৰ বিলুপ্তি ঘটোৱা হৈছে: মুখ্যমন্ত্রী - গুৱাহাটীৰ ব্ৰহ্মপুত্রৰ বালিচৰ

গুৱাহাটীৰ ব্ৰহ্মপুত্রৰ বালিচৰত 'ব্ৰহ্মপুত্র কাৰ্নিভেল' মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই(Brahmaputra Carnival 2023) । অসমৰ থলুৱা, পৰম্পৰাগত খাদ্যসম্ভাৰ, সাজপাৰ আদিৰ বহু বিপণিৰে সুসজ্জিত মহোৎসৱথলী । সংগীত আৰু বিভিন্ন খেলা-ধূলাৰো ব্যৱস্থা । জন্মদিনৰ উপৰি বিবাহ অনুষ্ঠানৰো আয়োজন কৰিব পাৰিব ইয়াত । বনভোজৰ ক্ষেত্রত দিয়া কঠোৰ নিৰ্দেশনাৰ কেতবোৰ শিথিল কৰাৰ কথা ক'লে মুখ্যমন্ত্রীয়ে ।

cm inaugurates Brahmaputra Carnival 2023
ব্ৰহ্মপুত্রৰ বালিচৰত 'ব্ৰহ্মপুত্র কাৰ্নিভেল' মুকলি

By

Published : Jan 1, 2023, 9:58 PM IST

ব্ৰহ্মপুত্রৰ বালিচৰত 'ব্ৰহ্মপুত্র কাৰ্নিভেল' মুকলি

গুৱাহাটী, ১ জানুৱাৰী:বনভোজৰ ক্ষেত্রত মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা কঠোৰ নীতি-নিৰ্দেশনা সন্দৰ্ভত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে মুখ খুলিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, বনভোজস্থলীত সুৰা-ধূমপান নিষিদ্ধ কৰাকে ধৰি বহুকেইটা বাধা-নিষেধ আৰোপ কৰিছিল মহানগৰ জিলা প্ৰশাসনে । যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এই সন্দৰ্ভত আজি সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে কয় যে মূল কথাটো হ'ল যে চালকজনে সুৰাপান কৰিব নালাগে । এছ অ' পি মানে এনে নহয় যে মানুহক বাধা দিয়া হৈছে । পিকনিক খাবলৈ আহি যাতে কোনেও কান্দি উভতি যাব নালাগে । যদি কৰবাৰ বেছি কঠোৰ হৈছে তেন্তে শিথিল কৰা হ’ব বুলি সদৰী কৰে মুখ্যমন্ত্রীয়ে ৷

তেওঁ আৰু কয় যে ইয়াত অৱশ্যে দুই-তিনিটা প্ৰাথমিক কথা থাকিব ৷ যেনে চালকজনে সুৰাপান কৰিব নোৱাৰিব, নাম পঞ্জীয়নৰ ব্যৱস্থা থাকিব লাগিব । আনহাতে জিলা বিলুপ্তিকৰণৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে যি সিদ্ধান্ত হ'ল আৰু হৈ গ'ল । তাক লৈ এতিয়া যি আলোচনা-সমালোচনা হয় তাক গ্ৰহণ কৰিব লাগিব । আমি আমাৰ বিবেকেৰে জানো যে সেই সিদ্ধান্তটো সেই জিলা কেইখনৰ ৰাইজৰ স্বাৰ্থ অসমৰ স্বাৰ্থত লোৱা হৈছে, সকলোৰে স্বাৰ্থত লোৱা হৈছে ।

উল্লেখ যে আজি বিয়লি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ব্ৰহ্মপুত্রৰ বালিচৰত 'ব্ৰহ্মপুত্র কাৰ্নিভেল' মুকলি কৰে(CM inaugurates Brahmaputra Carnival 2023) । ব্ৰহ্মপুত্ৰ কাৰ্নিভেলতে কেক কাটি নৱবৰ্ষও উদযাপন কৰে মুখ্যমন্ত্ৰীয়ে । গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বালিচৰ আকৰ্ষণীয় ৰূপত সজাই তুলিছে পৰ্যটন বিভাগে । নৱবৰ্ষৰ পহিলা দিনটোৰ পৰাই গুৱাহাটীত আৰম্ভ হৈছে 'ব্ৰহ্মপুত্ৰ কাৰ্নিভেল' । মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটীত ব্ৰহ্মপুত্রৰ মাজত এইখিনি সময়ত বালিচৰ পৰে । এইবাৰ পৰ্যটন বিভাগ আৰু পৰ্যটন উন্নয়ন নিগমে ইয়াত কাৰ্নিভেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'লে । কাৰ্নিভেলৰ যোগেদি ইয়াত এটা সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিছে আৰু এই সুন্দৰ পৰিৱেশটো গুৱাহাটীৰ ৰাইজে তিনি-চাৰি মাহ উপভোগ কৰিব পাৰিব ।

এই কাৰ্নিভেলত কোনোবাই ইচ্ছা কৰিলে জন্মদিনৰ উপৰি বিয়াও পাতিব পাৰিব বুলি কয় মুখ্যমন্ত্রীয়ে । আগন্তুক ৩-৪ মাহলৈ ব্ৰহ্মপুত্ৰৰ বালিচৰত চলিব এই অনুষ্ঠান । বিবাহ অনুষ্ঠান, জন্মদিন বা অন্যান্য অনুষ্ঠানৰো আয়োজন কৰাৰ অনুমতি দিয়া হৈছে উমানন্দ মন্দিৰৰ সমীপতে থকা ব্ৰহ্মপুত্ৰৰ বালিচৰত । উল্লেখ্য যে এই মহোৎসৱলৈ যোৱাৰ বাবে যাতায়াতৰ সু-ব্যৱস্থা কৰিছে পৰ্যটন বিভাগ আৰু পৰ্যটন উন্নয়ন নিগমে । ফাঁচীবজাৰৰ ৰজাদুৱাৰ ঘাটৰ পৰা প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা নিশা ৯ বজালৈকে চলিব ফেৰী সেৱা(Ferry service from Rajaduar Ghat) ।

অসমৰ থলুৱা, পৰম্পৰাগত খাদ্যসম্ভাৰ, সাজপাৰ আদিৰ বহু বিপণি উপলব্ধ হৈছে এই মহোৎসৱথলীত । তদুপৰি সংগীত আৰু বিভিন্ন খেলা-ধূলাৰো ব্যৱস্থা কৰা হৈছে । নৌকা বিহাৰ, হাতী ছাফাৰী, ঘোঁৰা ছাফাৰী, জীপ লাইনিং, এৰ' স্পৰ্টছ আদিৰো অভিজ্ঞতা ল'ব পাৰিব সকলোৱে । ব্ৰহ্মপুত্ৰৰ বালিচৰক কেন্দ্ৰ কৰি পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰে হাতত লৈছে এই পদক্ষেপ ।

লগতে পঢ়ক:CM Interact with Journalists: বছৰৰ প্ৰথম দিনটোত সাংবাদিকৰে মত বিনিময় মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details