গুৱাহাটী, 8 আগষ্ট: বান আৰু গৰাখহনীয়াই দীৰ্ঘদিন ধৰি অসমৰ অৰ্থনীতি বিকাশত বিৰূপ প্ৰভাৱ পেলায় আহিছে ৷ কোনো এখন চৰকাৰে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে ঘোষণা কৰাৰ পৰা অৱহেলা কৰি আহিছে ৷ ৰাজ্যৰ শ শ স্থানত খহনীয়াই বিভীষিকা সৃষ্টি কৰিছে ৷
উল্লেখ্য যে তদানীন্তন জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অসম বিধানসভাত সদৰী কৰিছিল যে ৰাজ্যিক জলনীতি গ্ৰহণ কৰি খহনীয়া প্ৰতিৰোধৰো বৈজ্ঞানিক ব্যৱস্থা কৰা হ’ব ৷ আছাম ৱাটাৰ ৰিছোৰ্চ কাউন্সিলৰ জৰিয়তে সমস্যা সমাধানৰ নতুন পদক্ষেপ গ্ৰহণ কৰা হ’ব ৷ গংগা এক্সন প্লেনৰ দৰে ব্ৰহ্মপুত্ৰ এক্সন প্লেন কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷
ব্ৰহ্মপুত্ৰ এক্সন প্লেন কাৰ্যকৰী হ’লে বান-খহনীয়াৰ প্ৰকোপ কমি যাব ৷ তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সেই ঘোষণা ঘোষণাতেই থাকিল ৷ যোৱা 7 বছৰে ব্ৰহ্মপুত্ৰ এক্সন প্লেনৰ ঘোষণা ঘোষণাতেই থাকিল । যোৱা 2017 চনতে 26 জুলাইত এক ঘোষণাৰ জৰিয়তে তদানীন্তন কেন্দ্ৰীয় পথ যোগাযোগ মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে অসমৰ আয়ুস ৰেখাস্বৰূপ ব্ৰহ্মপুত্ৰক শদিয়াৰ পৰা ধুবুৰীলৈকে মুঠ 600 কিলোমিটাৰ খননৰ বাবে 400 কোটি টকাৰ অনুমোদন দিয়া হৈছিল ।
বিগত 2017 বৰ্ষতে ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও ব্ৰহ্মপুত্ৰ খনন কৰিবলৈ 980 কোটি টকা বিশ্ব বেংকে যোগান ধৰাৰ কথা ঘোষণা কৰিছিল ৷ ৰাজ্য চৰকাৰখনে হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা কৈ আহিছে যদিও কাৰ্যত ইয়াৰ ফলাফল শূন্য দেখা গৈছে । কোটি কোটি টকা খৰচ কৰি নদীৰ বালি আঁতৰাবৰ বাবে ছখন ড্ৰেজাৰ কিনা হৈছিল । চেন্নাইৰ পৰা অসম চৰকাৰে ড্ৰেজাৰ আনি কিছুদিন নদীৰ বালি আঁতৰাই খহনীয়াৰ প্ৰকোপ কমাবলৈ বিচাৰিছিল ।