অসম

assam

By

Published : Apr 16, 2021, 6:18 PM IST

ETV Bharat / state

হাগ্ৰামা আচলতে কাৰ লগত ? তুৰুপৰ তাচ হব নেকি বি পি এফ ?

বিগত নিৰ্বাচনৰ সময়ত বি পি এফৰ বিৰুদ্ধে সীমা চেৰাই যোৱাকৈ নিৰ্বাচনী সভাসমূহত ভাষণ দিছিল মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই । ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী সভাত হাগ্ৰামা বি পি এফৰ বিৰুদ্ধে এটা‌ শব্দও উচ্চাৰণ কৰা নাছিল ৷ মহাজোঁটৰ ফলাফল যদিহে আশানুৰূপ নহয় আৰু বিজেপিত মুখ্যমন্ত্ৰী পদক লৈ এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে হাগ্ৰামা মহিলাৰী আৰু বি পি এফৰ বিধায়কবৰ্গই মহাজোঁট এৰি সোণোৱালৰ পক্ষত থিয় দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ৷

hagrama mahilari may go to mitrojot
হাগ্ৰামা আচলতে কাৰ লগত ? তুৰুপৰ তাচ হব নেকি বি পি এফ ?

গুৱাহাটী, ১৬ এপ্ৰিল: আনক দেখুৱাই কেটেৰাই মাতিবা, ভিতৰি নেৰিবা ব্যাথা । এই আপ্তবাক্যশাৰী ৰাজনীতিৰ পথাৰখনত ষোল্ল অনাই সত্য প্ৰমাণিত হৈ আহিছে । ৰাজ্যৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচন আৰু ইয়াৰ পৰৱৰ্তী সময়চোৱাত এই বাক্যশাৰীৰ গুৰুত্ব আৰু অধিক পৰিমাণে বৃদ্ধি পাইছে ৷ বিগত নিৰ্বাচনৰ সময়ত দেখা গৈছিল বি পি এফৰ বিৰুদ্ধে সীমা চেৰাই যোৱাকৈ নিৰ্বাচনী সভাসমূহত ভাষণ দিছিল মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই । আনকি লক্ষ্মণৰেখা অতিক্ৰম কৰাৰ বাবে নিৰ্বাচন আয়োগে ডঃ শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থাও লবলগীয়া হৈছিল । কিন্তু ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোনো এখন নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰী অথবা বি পি এফৰ বিৰুদ্ধে এটা‌ শব্দও উচ্চাৰণ কৰা নাছিল । ইয়াৰো কাৰণ আছিল সম্পূৰ্ণ ৰাজনৈতিক ।

বিজেপিয়ে এইবাৰ পৰৱৰ্তী চৰকাৰ গঠন হ'লে মুখ্যমন্ত্ৰী কোন হব সেই বিষয়ে কোনো ঘোষণা কৰা নাই । গতিকে স্বাভাৱিকতে পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ বাবে সৰ্বানন্দ সোণোৱালৰ লগতে একে সময়তে চৰ্চিত হৈছে ডঃ হিমন্তবিশ্ব শৰ্মাৰ নাম । যদি এনে এক পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে স্বাভাৱিকতে কাৰ পক্ষত কেইজন বিধায়ক আছে সেয়া হব অতিকৈ গুৰুত্বপূৰ্ণ । তেনে অৱস্থাত সোণোৱালে হাগ্ৰামা মহিলাৰীক তুৰুপৰ তাচ হিচাপে ব্যৱহাৰ কৰিলেও আচৰিত হবলগীয়া একো নাথাকিব । একেদৰে ২ মে'ত মহাজোটৰ ফলাফল যদিহে আশানুৰূপ নহয় আৰু বিজেপিত মুখ্যমন্ত্ৰী পদক লৈ এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে হাগ্ৰামা মহিলাৰী আৰু বি পি এফৰ বিধায়কবৰ্গই মহাজোট এৰি সোণোৱালৰ পক্ষত থিয় দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে । মুখ্যমন্ত্ৰীৰে ঘনিষ্ঠ সুত্ৰটোৱে প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে সঘন যোগাযোগ ৰক্ষা কৰি চলিছে হাগ্ৰামা মহিলাৰীয়ে ।

লগতে পঢ়ক:কৰ'ণাৰ বাবে ১৫ মে'লৈ বন্ধ থাকিব দেশৰ সকলো দৰ্শনস্থলী

ABOUT THE AUTHOR

...view details