অসম

assam

By

Published : Nov 17, 2019, 3:08 PM IST

ETV Bharat / state

সন্ধান নাই ব্ৰহ্মপুত্ৰত নিখোজ হোৱা কিশোৰ সুমন সৰকাৰৰ

শনিবাৰে বিয়লি 5 জন বন্ধুৰ লগত ধাৰাপুৰৰ লুইতৰ পাৰত ফটো তুলিবলৈ আহিছিল সুমন সৰকাৰ নামৰ কিশোৰজন ৷ ঠিক সেই সময়তে ছেল্ফী উঠোৱাত মচগুল হৈ থকা অৱস্থাতে ব্ৰহ্মপুত্ৰত পিছলি পৰে কিশোৰজন ৷

সন্ধান ওলোৱা নাই  ব্ৰহ্মপুত্ৰত নিখোজ হোৱা কিশোৰ সুমন সৰকাৰৰ

গুৱাহাটী,17 নৱেম্বৰ:বৰ্তমানেও সন্ধান ওলোৱা নাই শণিবাৰে বিয়লি ব্ৰহ্মপুত্ৰত নিখোজ হোৱা মালিগাঁৱৰ 16 বছৰীয়া কিশোৰ সুমন সৰকাৰৰ ৷ শনিবাৰৰ অভিযানৰ অন্তত কিশোৰজনৰ মৃতদেহ উদ্ধাৰ নোহোৱাত দেওবাৰে পুৱাৰে পৰা লুইতৰ বুকুত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে SDRF আৰু NDRF বাহিনীয়ে ৷ কিন্তু বৰ্তমানলৈ কিশাৰজনৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা উদ্ধাৰকাৰী দলে ৷

সন্ধান ওলোৱা নাই ব্ৰহ্মপুত্ৰত নিখোজ হোৱা কিশোৰ সুমন সৰকাৰৰ

উল্লেখ্য যে, শনিবাৰে বিয়লি 5 জন বন্ধুৰ লগত ধাৰাপুৰৰ লুইতৰ পাৰত ফটো তুলিবলৈ আহিছিল সুমন সৰকাৰ নামৰ কিশোৰজন ৷ ঠিক সেই সময়তে ছেল্ফী উঠোৱাত মচগুল হৈ থকা অৱস্থাতে ব্ৰহ্মপুত্ৰত পিছলি পৰে কিশোৰজন ৷ ঘটনাৰ পিছতেই বন্ধু কেইজনে খবৰ দিয়ে আজাৰা আৰক্ষী আৰু SDRF বাহিনীক ৷ ইয়াৰ পাছতে ঘটনাস্থলীত আজাৰা আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই যদিও আন্ধাৰৰ বাবে ব্যাঘাট জন্মিছিল উদ্ধাৰ অভিযানত ৷

ABOUT THE AUTHOR

...view details