অসম

assam

বৰ্নিহাট পে'ট্ৰল পাম্পত ডকাইটিৰ লগত জড়িত 5 জন গ্ৰেপ্তাৰ

By

Published : Mar 14, 2019, 5:44 PM IST

জব্দ কৰে ML-05-D-0229 নম্বৰৰ মাৰুটি কাৰৰ লগতে ডকাইটি কাণ্ডত ব্যৱহাৰ হোৱা পিষ্টল

বৰ্নিহাট পে'ট্ৰল মাম্প ডকাইটি

গুৱাহাটী, 14 মাৰ্চঃ বৰ্নিহাট ষ্টাৰ এনাৰ্জী চাৰ্ভিচ ষ্টেচন পে'ট্ৰল পাম্পৰ ডকাইটি কাণ্ডৰ লগত জড়িত পাঁচ জনক গ্ৰেপ্তাৰ বৰ্নিহাট আৰক্ষীৰ ৷ 16 ফেব্ৰুৱাৰীত মেঘালয় বৰ্নিহাটৰ ১৮ মাইলত অৱস্থিত ষ্টাৰ এনাৰ্জী চাৰ্ভিচ ষ্টেচন নামৰ পে'ট্ৰল পাম্পত পাঁচজনীয়া এটা ডকাইতৰ দলে পিষ্টল দেখুৱাই লুটি নিছিল প্ৰায় ৭ লাখ টকা ৷ এই সমগ্ৰ দৃশ্য বন্দীহৈছিল চিচি টিভি কেমেৰাত ৷ পে'ট্ৰল পাম্পৰ মেনেজাৰৰ গোচৰ আৰু কেমেৰাত বন্ধী হোৱা দৃশ্যৰ ভিত্তিতে বৰ্নিহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডকাইতৰ দলটো ৷ লগতে জব্দ কৰে ML-05-D-0229 নম্বৰৰ মাৰুটি কাৰৰ লগতে ডকাইটি কাণ্ডত ব্যৱহাৰ হোৱা পিষ্টল ৷ আনহাতে, এই পৰ্যন্ত ডকাইতৰ দলটোৱে লুটি নিয়া 7 লাখ টকা লাভ কৰা নাই বুলি মন্তব্য কৰে বৰ্নিহাট আৰক্ষীয়ে ৷

ৰ্নিহাট পে'ট্ৰল মাম্প ডকাইটি

উল্লেখ্যযে, এই ডকাইতৰদলটোৱে বিগত জানুৱাৰী মাহতো আন এটা ডকাইটি কাণ্ড সংঘটিত কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ তাৰোপৰি, চলিত মাহটো আন এটা পে'ট্ৰল পাম্পত ডকাইতিৰ পৰিকল্পনা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে পাঁচ জনীয়া ডকাইতৰ দলটোৱে ৷

ABOUT THE AUTHOR

...view details