অসম

assam

ETV Bharat / state

১১ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা

দুভৰিৰ যাদুৰে ক্ৰীড়াপ্ৰেমীক আমোদ দিবলৈ সাজু ৰাজ্যৰ আগশাৰীৰ ৮ টা ফুটবল দল । অহা ১১ মাৰ্চৰ পৰা ৬৭ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । মৰিগাঁও আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব খেল ।

By

Published : Mar 9, 2021, 1:39 PM IST

১১ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা
১১ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা

গুৱাহাটী, ৯ মাৰ্চ: অহা ১১ মাৰ্চৰ পৰা ৬৭ সংখ্যক অনুষ্ঠিত হ'ব বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা । সোমবাৰে ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়াক্ষেত্ৰত গুৱাহাটী ক্ৰীড়া সন্থাই এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে । অহা ১১ মাৰ্চৰ পৰা মৰিগাঁও আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব খেল ।

১১ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা

ৰাজ্যৰ ৮ টাকৈ ফুটবল দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, গুৱাহাটী টাউন ক্লাব, দৈমালু ক্লাব(ওদালগুৰি), ইলেভেন ষ্টাৰ ক্লাব(বঙাইগাঁও), অসম পুলিচ ব্লুজ, অইল ইণ্ডিয়া দুলীয়াজান, বডৌচা এছ চি(তিনিচুকীয়া) আৰু মৰিগাঁও ফুটবল ক্লাবে এই প্ৰতিযোগিতা অংশ ল'ব ।

অহা ১৮ মাৰ্চত ছেমি ফাইনেল খেল অনুষ্ঠিত হোৱাৰ পিছত ২০ মাৰ্চত বৰদলৈ ট্ৰফীৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব । উল্লেখ্য যে, COVID-১৯ৰ সংক্ৰমণ অব্য়াহত থকাৰ পৰিপ্ৰেক্ষিতত বহু দলে প্ৰতিযোগিতাত অংশগ্ৰহণৰ পৰা বিৰত আছে ।


লগতে পঢ়ক:কংগ্ৰেছৰ পৰা টিকট বঞ্চিত হৈ ৰাইজৰ দলত যোগদান নৰেন্দ্ৰ পাৱাৰৰ

ABOUT THE AUTHOR

...view details