অসম

assam

ETV Bharat / state

গুৱাহাটীত ২২ এপ্ৰিলৰ পৰা খোল খালে কিতাপৰ বিপণী - গুৱাহাটীত ২২ এপ্ৰিলৰ পৰা খোল খালে কিতাপৰ বিপণী

লক ডাউনৰ মাজতে বুধবাৰৰ পৰা খুলিছে গুৱাহাটী মহানগৰীৰ কিতাপৰ বিপণীসমূহ। পুৱা 10 বজাৰ পৰা আবেলিৰ 5 বজালৈ খোলা থাকিব কিতাপৰ বিপণী সমূহ ।

গুৱাহাটী
গুৱাহাটীত ২২ এপ্ৰিলৰ পৰা খোল খালে কিতাপৰ বিপণী

By

Published : Apr 23, 2020, 8:06 PM IST

গুৱাহাটী, ২৩ এপ্ৰিলঃ বৃহস্পতিবাৰৰ পৰা মহানগৰীৰ কিতাপৰ বিপণীসমূহ গ্ৰাহকৰ বাবে খোলা থাকিব । পুৱা 10 বজাৰ পৰা আবেলিৰ 5 বজালৈ খোলা থাকিব কিতাপৰ বিপণীসমূহ । ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ পিছতে পানবজাৰৰ বহু কেইখন কিতাপৰ দোকান গ্ৰাহকৰ বাবে মুকলি কৰা হয় । ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি 22 তাৰিখৰ পৰা খোলা থাকিব ছাত্ৰ ছাত্ৰীৰ বাবে কিতাপৰ বিপণী সমূহ । ঘৰে ঘৰে কিতাপ যোগান ধৰাৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ চৰকাৰৰ । লগতে কিতাপ কিনিবলৈ গ্ৰাহকে বহু দূৰৰ পৰা গাড়ী লৈ আহিব নোৱাৰিব যদিও ওচৰৰ লোকে খোজ কাঢ়ি কিতাপ সংগ্ৰহৰ বাবে আহিব পাৰিব বিপণী সমূহলৈ । লগতে বিক্রেতা সকলে চেনিটাইজাৰ আৰু মাস্ক পিন্ধটো বাধ্যতামূলক এই নিৰ্দেশ প্ৰদান কৰে চৰকাৰে ।

গুৱাহাটীত ২২ এপ্ৰিলৰ পৰা খোল খালে কিতাপৰ বিপণী

ৰাজ্য চৰকাৰৰ নিৰ্দেশৱলীক পালন কৰি বুধবাৰে পানবজাৰৰ কিতাপৰ বহু কেইখন বিপণী খোলা থাকে গ্ৰাহকৰ বাবে। বহু গ্ৰাহকে স্কুলৰ লগতে অন্যান্য কিতাপ সংগ্ৰহৰ বাবে এতিয়া এইদৰে কিতাপৰ বিপণীত শাৰী পাতিছে। জানিব পৰা অনুসৰি কিতাপৰ বিপণী সমূহ বন্ধ হৈ থকাৰ মাজতো গ্ৰাহকে প্ৰায়ে কিতাপ বিচাৰি ফোন কৰিছিল বিক্রেতাক । লগতে পুৱাৰে পৰা যথেষ্ট সংখ্যক লোকে কিতাপ কিনিবৰ বাবে অহাৰ কথা জানিবলৈ দিয়ে বিক্রেতাই ।

আনহাতে,কিতাপৰ বাবে বহু দিনৰ পৰা হাঁহাকাৰ কৰি থকা পঢ়ুৱৈসকলে কিতাপৰ বিপণী সমূহ খোলাৰ কথা গম পায়েই কিনিবলৈ আহিছে বুলি জানিবলৈ দিলে পঢ়ুৱৈ সকলে । লক ডাউনৰ পূৰ্বতে কিনিম বুলি ভবা কিতাপ কিনিবলৈ এতিয়া কিতাপৰ বিপণী ছাত্ৰ ছাত্ৰীসকল ।

চৰকাৰৰ এই নিৰ্দেশৰ পিছত স্বস্তিৰ নিশ্বাস পেলাইছে ছাত্ৰ ছাত্ৰী সকলৰ লগতে বিক্রেতাই। এতিয়াৰে পৰা ছাত্ৰ ছাত্ৰীৰ লাগতিয়াল কিতাপ বিপণীৰ পৰা সংগ্ৰহ কৰাৰ লগতে অনলাইনৰ জৰিয়তেও লাভ কৰিব পাৰিব। অতি শীঘ্ৰে বহু কেইটা প্ৰকাশনে অনলাইন হেল্প নম্বৰ দিয়াৰ কথাও জানিবলৈ দিছে।

লগতে চাওকঃ গোলাঘাটৰ পুলিবৰত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ

ABOUT THE AUTHOR

...view details