গুৱাহাটী,১৫ নৱেম্বৰঃগুৱাহাটী প্ৰেছ ক্লাবত দেওবাৰে প্ৰাক্তন শিক্ষা সঞ্চালক, সংস্কৃত পণ্ডিত সতীশ শৰ্মাৰ সভাপতিত্বত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ মহানগৰ জিলা ব্ৰাহ্মণ সমাজৰ উদ্যোগত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত সভাখনত সাহিত্য সভা, সংস্কৃত ছাত্ৰ সন্থা, যুৱ ব্ৰাহ্মণ সমাজ আদি বিভিন্ন সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে ৷
গুৱাহাটীত ড° নীতীশ চন্দ্ৰ শৰ্মা শাস্ত্ৰীৰ গ্ৰন্থ উন্মোচন - ড° নীতীশ চন্দ্ৰ শৰ্মাক উৎসাহিত
বিশিষ্ট সংস্কৃত পণ্ডিত উমা কান্ত দেৱ শৰ্মাই ড° নীতীশ চন্দ্ৰ শৰ্মা শাস্ত্ৰীয়ে অসমীয়ালৈ অনুবাদ কৰা "পৰাশৰ সংহিতা"খন উন্মোচন কৰি বিশাল সংস্কৃত সাহিত্যৰ সাগৰ মন্থন কৰিলে এনে বহু অমূল্য গ্ৰন্থক আমি অসমীয়া পাঠকে লাভ কৰিম বুলি কৈ তেওঁৰ একালৰ ছাত্ৰ ড° নীতীশ চন্দ্ৰ শৰ্মাক উৎসাহিত কৰে ৷
গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত সভাখনত বিশিষ্ট সংস্কৃত পণ্ডিত উমা কান্ত দেৱ শৰ্মাই ড° নীতীশ চন্দ্ৰ শৰ্মা শাস্ত্ৰীয়ে অসমীয়ালৈ অনুবাদ কৰা "পৰাশৰ সংহিতা" গ্ৰন্থখন উন্মোচন কৰি বিশাল সংস্কৃত সাহিত্যৰ সাগৰ মন্থন কৰিলে এনে বহু অমূল্য গ্ৰন্থক আমি অসমীয়া পাঠকে লাভ কৰিম বুলি কৈ তেওঁৰ একালৰ ছাত্ৰ ড° নীতীশ চন্দ্ৰ শৰ্মাক উৎসাহিত কৰে ৷ উন্মোচনী অনুস্থানটোত উপস্থিত আনসমূহ সংগঠনৰ প্ৰতিনিধিসকলেও বক্তব্য দাঙি ধৰি অনুবাদক শৰ্মাৰ প্ৰশংসা কৰে ৷
মহানগৰ জিলা ব্ৰাহ্মণ সমাজৰ সম্পাদক পৱিত্ৰ কুমাৰ শৰ্মাই আঁত ধৰা সভাখনত সভাপতিৰ ভাষণ প্ৰদান কৰি সংস্কৃত পণ্ডিত সতীশ শৰ্মাই অনুবাদক ড° শৰ্মাক আন সংহিতা কেইখনকো অসমীয়ালৈ অনুবাদ কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়কঃআৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ গ্ৰন্থ উন্মোচন