গুৱাহাটী, 3 জানুৱাৰী : অসম গ্ৰন্থমেলাৰ বাকৰিৰ নীলমণি ফুকন সভাগৃহত শিক্ষক মন্টুল কুমাৰ শৰ্মাৰ 'প্ৰজ্ঞা আৰু সাধনাৰ সূৰ্য : যথাৰ্থ শিক্ষক' শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয় ৷ মঙলবাৰে বিয়লি গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট গল্পকাৰ ইমৰাণ হুছেইনে ৷ জনপ্ৰিয় গল্পকাৰগৰাকীৰ লগতে এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যখনৰ বিশিষ্ট কবি নীলিম কুমাৰ, কলকাতাৰ বাংলা সাহিত্যিক সত্যাজিৎ চৌধুৰী, নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা শিক্ষাবিদ ড৹ ভদ্ৰা ফুকন আৰু নগাঁৱৰ পৰিচিত প্ৰকাশন গোষ্ঠী ক্ৰান্তিকাল প্ৰকাশনৰ স্বত্বাধিকাৰী কৈলাশ ৰাজখোৱা ৷
কবি, শিল্পী নীলাভ সৌৰভে আঁত ধৰা অনুষ্ঠানত উন্মোচক ইমৰাণ হুছেইনে শিক্ষক মন্টুল কুমাৰ শৰ্মাৰ এই গ্ৰন্থখনি অসমৰ শিক্ষক সমাজৰ বাবে এখন সংবেদনশীল হাতপুথি হ'ব বুলি উল্লেখ কৰে ৷ ভাষণ প্ৰসংগত গল্পকাৰজনে এজন শিক্ষক কেনেধৰণৰ গুণৰ অধিকাৰী হোৱা উচিত সেই বিষয়ে নিজৰ মত পোষণ কৰে ৷ আজিৰ শিক্ষক সকলৰ গুণগতমান নিম্নগামী হৈ পৰাটো সমাজৰ বাবে শুভ লক্ষণ নহয় বুলিও প্ৰসংগক্ৰমে উনুকিয়াই উন্মোচক তথা গল্পকাৰ ইমৰাণ হুছেইনে ৷