গুৱাহাটী, ২৬ এপ্ৰিল:আগন্তুক ২০২৩-২৪ বৰ্ষৰ অসম গ্ৰন্থমেলা আয়োজনৰ বাবে সাজু হৈছে অসম প্ৰকাশন পৰিষদ (Book Fair of Assam Prakashan Parishad)। ইতিমধ্যে গুৱাহাটীৰ লগতে হাফলং, উত্তৰ লখিমপুৰ, শিৱসাগৰ, শিলচৰৰ লগতে নামনি অসমৰ দুখন চহৰত গ্ৰন্থমেলা আয়োজনৰ বাবে অসম প্ৰকাশন পৰিষদে কাৰ্যসূচী প্ৰস্তুত কৰিছে ।
বুধবাৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক-বিক্ৰেতা সন্থাই মহানগৰীৰ বামুনিমৈদামস্থিত প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত আয়োজন কৰে এক সংবাদমেলৰ ৷ এই সংবাদমেলতে প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আগন্তুক অসম গ্ৰন্থমেলাৰ স্থান আৰু দিন ঘোষণা কৰে (Press Meet of Assam Prakashan Parishad )।
সেই অনুসৰি পোন প্ৰথমবাৰৰ বাবে অহা ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ সাত দিনিয়া বিস্তৃত কাৰ্যসূচীৰে হাফলঙ চহৰত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা । উল্লেখ্য় যে, কাৰ্বি আংলং জিলাৰ ডিফুত যোৱা ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল অসম গ্ৰন্থমেলা 2023-24 (Assam Book Fair 2023-24) ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ লগতে কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই গ্ৰন্থমেলা (All Assam Book Publishers and Sellers Association) ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত তথা কাৰ্বি আংলং জিলা প্ৰকাশনৰ সহযোগত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলাত পাঠকৰ পৰা বিপুল সঁহাৰি লাভ কৰা হৈছিল ।