ৰঙিয়াত আই ই ডি উদ্ধাৰক লৈ তীব্ৰ উত্তেজনা
বাক্সাৰ জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খন্দিকৰত শনিবাৰে নিশা আৰক্ষীয়ে উদ্ধাৰ কৰিলে এটা আই ই ডি । ঘটনাৰ পাছতেই সৃষ্টি হ’ল উত্তেজনাৰ । সেনা-আৰক্ষীয়ে নিষ্ক্ৰিয় কৰিলে উদ্ধাৰ হোৱা আই ই ডিটো ।
ৰঙিয়া, ২৮ জুলাই : শনিবাৰে ৰঙিয়াৰ খন্দিকৰত এটা আই ই ডি উদ্ধাৰক লৈ সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ । অঞ্চলটোৰ তাৰিকুল ইছলাম নামৰ এজন লোকৰ ঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা সক্ৰিয় আই ই ডি । কিন্তু স্থানীয় ৰাইজে লোকজনৰ ঘৰত আই ডি উদ্ধাৰৰ ঘটনাক নাটক আখ্যা দি ৰাতিপুৱালৈকে আৰক্ষী-সেনাৰ দলটোক আবদ্ধ কৰি ৰাখে । পিছত ঘটনাস্থলীত বাক্সা জিলাৰ আৰক্ষী অধীক্ষক গৰাকী উপস্থিত হৈ ৰাইজৰ লগত মাটিত বহি যেতিয়ালৈকে অনুসন্ধান কৰি তাৰিকুল ইছলাম ঘৰত আই ডি উদ্ধাৰ ঘটনা প্ৰমাণ নহয় তেতিয়ালৈকে তাৰিকুল ইছলামক গ্ৰেপ্তাৰ কৰা নহয় বুলি আশ্বাস দিয়াত হে পৰিস্থিতিৰ শাম কাটে । পাছত আৰক্ষীয়ে সেনাৰ সহযোগত আই ই ডি টো ডেউলকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত নিষ্ক্ৰিয় কৰে ।