গুৱাহাটী, ১২ মে' :গুৱাহাটীৰ নুনমাটিত চাঞ্চল্যকৰ ঘটনা । ঘৰৰে ভিতৰতে এগৰাকী বোৱাৰীৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি ব্যাপক চাঞ্চল্য (Women dead body found inside the house)। যৌতুকৰ বাবে বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ (Accused of killing woman for dowry)।
উল্লেখ্য যে মঙলবাৰে বিয়লি নুনমাটিস্থিত ইণ্ডিয়া কাৰ্বন ফেক্টৰীৰ আবাসত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ (Body of a woman found in Noonmati)। ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ মৃতদেহ । উক্ত ঘটনাৰ ২৪ ঘণ্টা পাৰ হোৱাৰ পাছতে ঘটনাই লৈছে নতুন মোৰ (Mysterious death case in Noonmati)।
মহিলাগৰাকীৰ মাতৃৰ পৰিয়ালে অভিযোগ কৰা মতে স্বামীয়ে যৌতুকৰ বাবে তেওঁক ডিঙি চেপি হত্যা কৰিছে (Family suspects murder by husband)। ইতিমধ্যে মহিলাগৰাকীৰ মাতৃৰ পৰিয়ালে নুনমাটি থানাত দাখিল কৰিছে এজাহাৰ । আনফালে এই অভিযোগ সম্পূৰ্ণ নস্যাত কৰিছে স্বামী ৰাজীৱ সিনহাই ।
জানিব পৰা মতে প্ৰায় চাৰি বছৰ পূৰ্বে তেওঁলোকে বিবাহপাশত আবদ্ধ হৈছিল । ইণ্ডিয়া কাৰ্বন নামৰ উদ্যোগটোৰ সঞ্চালক শ্যামল ভট্টাচাৰ্যৰ গাড়ীচালক ৰূপে কৰ্মৰত মহিলাগৰাকীৰ স্বামী ৰাজীৱ সিনহা । ইফালে অভিযোগ অনুসৰি ইয়াৰ পূৰ্বে ৰাজীৱ সিনহাৰ আছিল আন দুগৰাকী পত্নী । কন্যাৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে বুধবাৰে পুৱাৰ ভাগত মাতৃ গৃহৰ লোক গুৱাহাটীত উপস্থিত হৈছিল ।