গুৱাহাটী, 13 মে’ :পুনৰ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ গুৱাহাটীৰ হাতীগড় চাৰিআলিস্থিত মন্দাকিনী এপাৰ্টমেন্টত উদ্ধাৰ এগৰাকী অভিযন্তাৰমৃতদেহ (Dead body recovered in Guwahati) ৷ অভিযন্তাগৰাকীৰ নাম মৃণাল কলিতাৰ ৷ শুকুৰবাৰৰ পুৱা নিজৰ কোঠাৰ ভিতৰতে উদ্ধাৰ হয় অভিযন্তা মৃণাল কলিতাৰ মৃতদেহটো ৷
তথ্য অনুসৰি, জনস্বাস্থ্য বিভাগৰ অভিযন্তা(PHED) আছিল মৃণাল কলিতা ৷ পৰিয়ালৰ অভিযোগ, চুৰিৰে নিজে ডিঙি ৰেপি আত্মহত্যা কৰে অভিযন্তা মৃণাল কলিতাই ৷ কাৰ্যালয়ত অত্যাধিক কামৰ হেঁচাৰ বাবেই আত্মহত্যাৰ পথ বাচি লোৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷