নিউজ ডেস্ক, 1 জুলাই :অসমীয়া ভাষাবিৰোধী সিদ্ধান্ত অৱশেষত বাতিল কৰিলে বড়োলেণ্ড বিশ্ববিদ্যালয়ে ৷ উল্লেখ্য যে, 26 জুনৰ দিনা বিশ্ববিদ্যালয়খনৰ অধীনৰ 59 খন মহাবিদ্যালয়লৈ এক নিৰ্দেশনা জাৰি কৰা হৈছিল ৷ স্নাতক মহলাৰ মেজৰ পাঠ্যক্ৰম অসমীয়াত পঢ়িব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰিছিল বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ ইয়াৰ পিচতেই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল ৷ অসমীয়া ভাষাবিৰোধী সিদ্ধান্ত সলনিৰ বাবে উপাচাৰ্যক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল কেইবাটাও দল-সংগঠনে ৷
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এই নিৰ্দেশনাৰ বিৰোধিতা কৰিছিল বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱেও ৷ ইংৰাজী বিষয়ত অধিক গুৰুত্ব প্ৰদানৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অন্য পদক্ষেপ ল’ব পাৰে বুলি উল্লেখ কৰি প্ৰমোদ বড়োৱে বিষয়টো সন্দৰ্ভত কৈছিল , 'বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া মাধ্যমক লৈ অনৰ্থক বিতৰ্কৰ সৃষ্টি হৈছে ৷ তেনেকুৱা তেওঁলোকে কৰিব নোৱাৰে ৷ বিশ্ববিদ্যালয়বোৰে এনেই কিছুমান নিজে নিজে চিন্তা কৰে ৷' মাতৃভাষাৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰা নহ‘ব বুলি কৈ অসমত যদি বড়ো আৰু অসমীয়া ভাষাত লিখা-পঢ়া কৰিব নোৱাৰে তেন্তে ক'ত কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে ৷
ইফালে আছুৱে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী আৰু ভাষা বিদ্বেষী প্ৰতিক্ৰিয়াশীল চক্ৰৰ বৃহৎ চক্ৰান্ত বুলি উল্লেখ কৰিছিল । আনফালে বড়ো সাহিত্য সভাই এখন বিশ্ববিদ্যালয়ত অফিচিয়েল-আনঅফিচিয়েল কথা থাকিব নোৱাৰে বুলি উল্লেখ কৰি এই সিদ্ধান্ত কিয় লোৱা হ'ল এই কথা এতিয়াই স্পষ্ট নকৰিলে পিছলৈ সমস্যাৰ সৃষ্টি হ'ব বুলি মত প্ৰকাশ কৰে ।