গুৱাহাটী, ২২ আগষ্ট : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক তথা বিভাগটোৰ মুৰব্বী ডঃ হেমেন শৰ্মাক অতি সন্মানীয় ইউনেস্কো-টিডব্লিউএএছ ফেল’শ্বিপেৰে সন্মানিত কৰা হৈছে । এই সন্মানীয় স্বীকৃতি লাভৰ বাবে ডঃ শৰ্মাই এক সমৃদ্ধিশালী, সহযোগিতামূলক গৱেষণা অভিজ্ঞতাৰ বাবে পূব আফ্ৰিকান গণৰাজ্য তাঞ্জানিয়ালৈ যাত্ৰা কৰিব । উল্লেখ্য, ডঃ হেমেন শৰ্মাৰ ঘৰ গুৱাহাটীৰ ঘোঁৰামাৰাত ।
উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠন-টিডব্লিউএএছ (ইউনেস্কো-টিডব্লিউএএছ) ফেল’শ্বিপে বৈজ্ঞানিক সহযোগিতাত এক গুৰুত্বপূৰ্ণ সাফল্যক প্ৰতিনিধিত্ব কৰে । ডঃ হেমেন শৰ্মাক এই সন্মানৰ বাবে বাছনি কৰাটো উদ্ভিদ আৰু পৰিৱেশ বিজ্ঞানলৈ তেওঁৰ ব্যতিক্ৰমী অৱদান আৰু বৈজ্ঞানিক জ্ঞান আগবঢ়োৱাৰ প্ৰতি তেওঁৰ সমৰ্পিত মনোভাৱৰ এক স্বীকৃতি ।
ইউনেস্কোৰ সৈতে অংশীদাৰিত্বত বিশ্ব বিজ্ঞান একাডেমীয়ে উন্নয়নশীল দেশসমূহত আন্তৰ্জাতিক বৈজ্ঞানিক সহযোগিতা আৰু ক্ষমতা প্ৰতিষ্ঠাৰ বাবে ইউনেস্কো-টিডব্লিউএএছ ফেল’শ্বিপ কাৰ্যসূচী প্ৰৱৰ্তন কৰে । ১৯৮৩ চনত নোবেল বঁটা বিজয়ী আব্দুছ ছালামকে ধৰি বিশিষ্ট বিজ্ঞানীসকলৰ দ্বাৰা প্ৰতিষ্ঠা কৰা টিডব্লিউএএছে সীমিত সম্পদ থকা অঞ্চলসমূহত বৈজ্ঞানিক উৎকৰ্ষতা আৰু গৱেষণাৰ প্ৰচাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।
এই ফেল’শ্বিপে ডঃ হেমেন শৰ্মাক তাঞ্জানিয়াৰ ডোডোমা বিশ্ববিদ্যালয়ৰ সহযোগী পণ্ডিত আৰু গৱেষকসকলৰ সৈতে সহযোগিতা কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিব । ধাৰণা আৰু দক্ষতাৰ এই আদান-প্ৰদানে বৈজ্ঞানিক বুজাবুজিক আগুৱাই নিব আৰু দুয়োখন ৰাষ্ট্ৰত বহনক্ষম বিকাশক মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।