অসম

assam

By

Published : Dec 31, 2020, 9:39 AM IST

ETV Bharat / state

বিধানসভাত গৃহীত হ’ল বড়ো-কছাৰী উন্নয়ন স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক

বিধানসভাৰ শীতকালীন অধিবেশনত গৃহীত 'বড়ো-কছাৰী উন্নয়ন স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক' । বিধেয়কখন গৃহীত হোৱাৰ পিচতে ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ প্ৰতিক্ৰিয়া ৷

bodo-kachari-development-bill-passed-in-the-winter-session-of-the-legislative-assembly
বিধানসভাৰ শীতকালীন অধিবেশনত গৃহীত বড়ো-কছাৰী উন্নয়ন স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক

গুৱাহাটী, 30 ডিচেম্বৰ : বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিম দিনা সদনত গৃহীত হয় 'বড়ো-কছাৰী উন্নয়ন স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক'। উল্লেখ্য যে, বিধানসভাৰ পূৰ্বৰ অধিবেশনতে চৰকাৰে বিধেয়কখন বিধানসভাত উত্থাপন কৰাৰ কথা আছিল যদিও কেতবোৰ কাৰিকৰী কাৰণত সেয়া সম্ভৱ হৈ উঠা নাছিল । গতিকে, শীতকালীন অধিবেশনৰ প্ৰথম দিনাই বিধেয়কখন সদনত উত্থাপন কৰা হয় আৰু অধিবেশনৰ অন্তিম দিনা বিধানসভাত গৃহীত হয় বিধেয়কখন ।

ৰাজ্যৰ ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ মন্তব্য

ইফালে, বিধেয়কখন সদনত গৃহীত হোৱাৰ পিচত ৰাজ্যৰ ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মই বুধবাৰৰ দিনটোক এক ঐতিহাসিক দিন বুলি অভিহিত কৰে । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, ৰাজ্যৰ ষষ্ঠ অনুসূচীভূৰ্ক্ত তিনিখন স্বায়ত্ব শাসিত পৰিষদ ক্ৰমে বিটিচি, ডিমা হাচাও আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সীমাৰ বাহিৰত বসবাস কৰা বড়ো-কছাৰী লোক সকলক সামৰি গঠন কৰা হ'ব নতুন স্বায়ত্ব শাসিত পৰিষদ ।

আনহাতে, কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য কৰাৰ পৰা বিৰত থাকিলেও মন্ত্ৰী গৰাকীয়ে নৱ গঠিত সকলো আঞ্চলিক ৰাজনৈতিক দললৈ অভিনন্দন আৰু শুভকামনা জনায় ।

লগতে পঢ়ক :ভোগালী বুলিলেই মনলৈ অহা এবিধ সুস্বাদু পিঠাঃ সুতুলী পিঠা

ABOUT THE AUTHOR

...view details