গুৱাহাটী, ২৩ নৱেম্বৰ :অসমৰ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যবাসী (Lachit Divas preparation)। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ আয়োজন কৰা হৈছে । কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগতো জিলা ক্ৰীড়া বিভাগৰ সহযোগত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে (Indigenous Boat racing competition)।
অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলাৰ সহযোগত বুধবাৰে সদৌ অসম ভিত্তিত নাও খেলৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় (Boat racing competition in Guwahati)। মহানগৰীৰ দীঘলীপুখুৰীত আয়োজিত এই নাও খেল প্ৰতিযোগিতাত ৪ টা দলে অংশগ্ৰহণ কৰে ।
চূড়ান্ত খেলখন কামৰূপ আধিয়াপাৰা আৰু কামৰূপৰ ছয়গাঁৱৰ মাজত অনুষ্ঠিত হয় । নাওখেলত বিজয়ী হয় কামৰূপ আধিয়াপাৰাৰ দলটো । আনহাতে উক্ত প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ লাভ কৰে কামৰূপ মেট্ৰ' ছয়গাঁৱৰ দলটোৱে । প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰত আছিল ১১ হাজাৰ টকা আৰু ট্ৰফী আৰু দ্বিতীয় পুৰস্কাৰত আছিল ৭ হাজাৰ নগদ ধন আৰু ট্ৰফী ৷