গুৱাহাটী, ৩০ এপ্ৰিল :গুৱাহাটীৰ মাছখোৱা ঈদগাহ ফিল্ডত যোৱা ২৭ এপ্ৰিলৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হয় অসম দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ এক প্ৰশিক্ষণ শিবিৰ । এই শিবিৰৰ দেওবাৰে সামৰণি পৰে । অহা ৫ মে'ৰ পৰা ৮ মে'লৈ পশ্চিম বংগৰ শিলিগুৰিত পশ্চিমবংগ, ঝাৰখণ্ড আৰু অসমৰ মাজত অনুষ্ঠিত হ'বলগীয়া ত্ৰিকোণীয়া ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে এই শিবিৰৰ আয়োজন কৰা হয় (Blind Women Cricket training at Maskhowa) ।
বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ উদ্যোগত আয়োজিত এই শিবিৰত নগাঁও, শোণিতপুৰ, মৰিগাঁও, বাক্সা, লখিমপুৰ আৰু গোলাঘাট জিলাৰ মুঠ ১৪ গৰাকী খেলুৱৈয়ে এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে । আগন্তুক ত্ৰিকোণীয়া প্ৰতিযোগিতাত অসম দলে ভাল ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব বুলি এই শিবিৰৰ প্ৰশিক্ষক নিশান্ত বলিয়ানে আশা প্ৰকাশ কৰিছে (Triangular cricket tournament at Siliguri)।
উল্লেখযোগ্য যে, অসম মহিলা দৃষ্টিহীন ক্ৰিকেট দলত নগাঁৱৰ শংকৰ মিছন দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰী আছে । এই প্ৰশিক্ষণ শিবিৰত প্ৰকল্প প্ৰবন্ধক সুশীল পৌৰেল, দিবেন বৰা, ৰঞ্জন গোস্বামী আৰু কেয়াৰ ইউ ৩৬৫ৰ কেইবাগৰাকীও বিষয়ববীয়াই অংশগ্ৰহণ কৰে (Assam blind women cricket training)।