ইম্ফল, 5 নৱেম্বৰঃ মণিপুৰৰ ৰাজধানী ইম্ফলত সোমবাৰে ৰাতিপুৱাৰ ভাগত সংঘটিত হয় এক শক্তিশালী বোমা বিস্ফোৰণ ৷ স্থানীয় থংগল বজাৰৰ শনিমন্দিৰৰ সমীপত সংঘটিত হয় বিস্ফোৰণটো ৷ বিস্ফোৰণৰ প্ৰাৱল্য ইমানেই ভয়াৱহ আছিল যে, পদপথত ৰখাই থোৱা বহুটো বাহন ধ্বংসপ্ৰাপ্ত হয় ৷ প্ৰাথমিক অনুসন্ধানত পদপথৰ কোনো বাহনতে বিস্ফোৰক সামগ্ৰী ৰখাই থোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে ৷
ইম্ফলত বোমা বিস্ফোৰণত আহত পাঁচ - মণিপুৰৰ ৰাজধানী ইম্ফলত বিস্ফোৰণ
সোমবাৰে ৰাতিপুৱাৰ ভাগত মণিপুৰৰ ৰাজধানী ইম্ফলত সংঘটিত হয় এক বিস্ফোৰণ ৷ বিস্ফোৰণটোত এগৰাকী সহকাৰী আৰক্ষী পৰিদৰ্শকসহ পাঁচজনকৈ লোক আহত হয় ৷
![ইম্ফলত বোমা বিস্ফোৰণত আহত পাঁচ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4971952-thumbnail-3x2-blast.jpg)
ইম্ফলত বোমা বিস্ফোৰণ
বিস্ফোৰণটোৰ ফলত এগৰাকী সহকাৰী আৰক্ষী পৰিদৰ্শকসহ পাঁচজন লোক আহত হয় ৷ আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইতিমধ্যে সমগ্ৰ অঞ্চলটো আৰক্ষী আৰু সেনাই ঘেৰি লৈ তালাচী অব্যাহত ৰাখিছে ৷ বৰ্তমান সময়লৈকে বিস্ফোৰণৰ দায়িত্ব কোনো সংগঠনে স্বীকাৰ কৰা নাই ৷
ইম্ফলত বোমা বিস্ফোৰণ
উল্লেখ্য যে, বিগত শনিবাৰেও মণিপুৰত আৰক্ষী আৰু বিএছএফ বাহিনীলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰা হৈছিল ৷ গ্ৰেণেড আক্ৰমণৰ ফলত তিনিজনকৈ জোৱান আহত হৈছিল ৷