অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ হুংকাৰলৈ ভয় নকৰে চাউল চোৰে !

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ নিৰ্বাচনী সভাতে হুংকাৰ দিছিল যে দুখীয়া মানুহৰ চাউলক লৈ দুৰ্নীতি কৰা সকলক তেওঁ জেলত ভৰাব ৷ পিছে ইয়াৰ পিছতো নিয়ন্ত্ৰণ হোৱা নাই ৰাজ্যৰ চাউল চোৰ ৷ জানো আহক শেহতীয়াকৈ ক’ত কেনেকৈ চলিছে বগা চাউলৰ ক’লা বেহা ৷

By

Published : Nov 1, 2021, 8:29 PM IST

black-market-of-rice-in-assam
মুখ্যমন্ত্ৰীৰ হুংকাৰলৈ ভয় নকৰে নেকি চাউল চোৰে ?

গোৱালপাৰা, 1 নৱেম্বৰ : ৰাজ্যৰ বজাৰত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যই জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ ভোকৰ ভাত মুঠি যোগাৰ কৰিবৰ বাবেও চিন্তা কৰিব লগীয়া হৈছে ৰাজ্যবাসীয়ে ৷ এনে সময়তে অতি নিৰ্লজভাৱে এচাম জড়িত হৈ আছে বগা চাউলৰ ক’লা বেহাত ৷ এই দুৰ্নীতি-অত্যাচাৰৰ পৰিৱেশত অতিষ্ঠ হৈ খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো শেহতীয়াকৈ নিৰ্বাচনী সভাতে হুংকাৰ দিছিল যে, দুখীয়া মানুহৰ চাউলক লৈ দুৰ্নীতি কৰা সকলক তেওঁ জেলত ভৰাব ৷

মুখ্যমন্ত্ৰীৰ হুংকাৰলৈ ভয় নকৰে নেকি চাউল চোৰে ?

কিন্তু ইয়াৰ পিছতো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অবিৰতভাৱে চলি আছে মহাপ্ৰতাপী চাউল চোৰৰ তাণ্ডৱ ৷ ৰাজ্যৰ বিভিন্ন পণ্যাগাৰৰ পৰা হৰলুকি হৈছে চাউল ৷ হয়তো অবোধ শিশুৱেও বুজি পাব যে, এই চাউল কোনো এন্দুৰ নিগনি অথবা চৰাই-চিৰিকটিয়ে খোৱা নাই ৷ নিশ্চিতভাৱে এই চাউল হৰলুকিৰ আৰত আছে চাউল চোৰৰ হাত ৷ কিন্তু, এতিয়া প্ৰশ্ন উঠিছে যে পণ্যাগাৰৰ পৰা চাউল চুৰি কৰা চোৰৰ হাত কিমান দীঘল ৷

শেহতীয়াকৈ গোৱালপাৰা পণ্যাগাৰৰ পৰা হৰলুকি হৈছে সমবায়ৰ চাউল । পণ্যগাৰৰ প্ৰবন্ধকৰ পৰা যোগান বিভাগলৈ এই চাউল হৰলুকিৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে সমবায় সমিতিয়ে ৷ উল্লেখযোগ্য যে, সমবায়ৰ সচিব সকলৰ প্ৰচেষ্টাত হে পোহৰলৈ আহে পণ্যাগাৰৰ চাউল চুৰিৰ ঘটনা ।

ৱে-ব্ৰীজত জোখা চাউলৰ ট্ৰাক পুনৰবাৰ ইলেকট্ৰনিক দগাত জোখোতেই ওলাই পৰিল জোলঙাৰ মেকুৰী । এক-দুই কেজি নহয়, একোখন ট্ৰাকত ৭০ ৰ পৰা ১ কুইণ্টল কৈ ক’ম পৰিমাণৰ চাউল যায় সমবায় সমূহলৈ । এতিয়া মন কৰিব লগীয়া বিষয় যে, সততে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰ খনে যোগান বিভাগত চলা এই অবাধ দুৰ্নীতিত নাকি লগাব পাৰে নে নাই সাম্প্ৰতিক সময়ত সেয়া হৈ পৰিছে এটা কোটি টকীয়া প্ৰশ্ন ৷

লগতে পঢ়ক :দুৰ্নীতি : পঞ্চায়ত-গ্ৰামোন্নয়নত একেলগে নিলম্বিত বহুজনক

ABOUT THE AUTHOR

...view details