গুৱাহাটী, 9 জানুৱাৰীঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হিংসাত্মক ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ পক্ষত থিয় দিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ে ৷ আজি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ক'লা পতাকা উৰুৱাই বিশ্ববিদ্যালয়ৰ আছু গোট আৰু আইন মহাবিদ্যালয় আছু গোটে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আছুৰ প্ৰশ্ন " দুৰ্বৃত্তৰ এনে ভয়ংকৰ আক্ৰমণৰ পিছতো কিয় নিৰৱ দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় চৰকাৰ"?
গুৱাহাটী বিশ্ববিদ্যালয়ত উৰিল ক'লা পতাকা - জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সপক্ষে থিয় দিলে গুৱাহাটী বিশ্ববিদ্যালয়
"CAA" বিৰোধী আন্দোলন বন্ধ কৰাৰ বাবেই চৰকাৰে ঘোষণা কৰা ন-ন আঁচনি সন্দৰ্ভতো ক্ষোভ উজাৰে বিশ্ববিদ্যালয় আছুৱে ৷
JNU ৰ পক্ষত গুৱাহাটী বিশ্ববিদ্যালয়
লগতে পঢ়ক: ৰাজ্যজুৰি আছুৰ ৰণশিঙা প্ৰতিবাদ
উল্লেখ্য যে, চৰকাৰৰ দমনমূলক নীতিৰ বিৰুদ্ধে ক্ষোভ উজাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু নেতৃত্বই ৷ সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন মষিমূৰ কৰাৰ এয়া এক চৰকাৰী ষড়যন্ত্ৰ বুলি আখ্যা দিয়ে আছুৱে ৷ "CAA" বিৰোধী আন্দোলন বন্ধ কৰাৰ বাবেই চৰকাৰে ঘোষণা কৰা ন-ন আঁচনি সন্দৰ্ভতো ক্ষোভ উজাৰে বিশ্ববিদ্যালয় আছুৱে ৷