গুৱাহাটী, 27 মে': সমগ্ৰ দেশৰ লগতে বুধবাৰে অসমতো শ্ৰমিক, কৃষক, ছাত্ৰ, যুৱক আৰু মহিলা সংগঠনসমূহে ক'লা দিৱস পালন কৰে । দিল্লীৰ প্ৰৱেশ পথত বিগত ছয় মাহ ধৰি সংযুক্ত কৃষক মৰ্চাই চলাই থকা আন্দোলনৰ প্ৰতি সমৰ্থন জনাই আৰু ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰনত ব্যৰ্থ হোৱা বি জে পি চৰকাৰক ধিক্কাৰ জনাই এই ক'লা দিৱস পালন কৰা হয় । এই সন্দৰ্ভত চি আই টি ইউৰ সাধাৰণ সম্পাদক তপন শৰ্মা আৰু এছ এফ আইৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথে এক বিবৃত্তি যোগে কয় যে দেশৰ সংবিধান প্ৰদত্ত অধিকাৰবোৰৰ পৰা দেশৰ জনগনক বঞ্চিত কৰি আছে এই চৰকাৰখনে । মোডী চৰকাৰৰ সমালোচকক দেশদ্ৰোহী সজাই জেলত ভৰাই ৰখা হৈছে । অসমৰ সন্তান দেৱংগনা কলিতা, নাটাছা নাৰোৱাল আৰু অখিল গগৈক মিছা অভিযোগত বিগত এক বছৰ ধৰি বন্দী কৰি ৰাখিলে । দেশৰ অন্নদাতা কৃষক, দেশৰ সম্পদ সৃষ্টিকৰ্তা শ্ৰমিকৰ মৌলিক অধিকাৰ এই চৰকাৰে কৰ্তন কৰি আছে ।
দিল্লীত আন্দোলনৰত কৃষকৰ ৩১৭ জনে এতিয়ালৈ প্ৰাণ দিলে । তথাপিও মোডী চৰকাৰ নিৰ্বিকাৰ । বিশ্বৰ ভিতৰত আটাইতকৈ বেছি চৰকাৰী কৰ আদায় দিয়া ভাৰতবৰ্ষৰ জনসাধাৰণে আটাইতকৈ বেছি জীয়াতু ভুগিব লগা হৈছে ক'ভিড পৰিস্থিতিত । ভাৰত মাতৃৰ সম্পদ আৰু সন্তানক ৰক্ষণাবেক্ষণ দিয়াত ব্যৰ্থ হোৱা মোডী চৰকাৰৰ জনপৰিপন্থী নীতিৰ প্ৰতিবাদত বুধবাৰে এইদৰে ক'লা দিৱস পালন কৰা হৈছে বুলি উল্লেখ কৰে চি আই টি ইউৰ সাধাৰণ সম্পাদক তপন শৰ্মা আৰু এছ এফ আইৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথে ।