গুৱাহাটী, ২০ ডিচেম্বৰঃআগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ব্যাপকভাৱে তৎপৰ হৈ পৰিছে শাসকীয় দল বিজেপি । দলৰ শীৰ্ষ নেতৃত্বই গুৱাহাটীত এখনৰ পাছত আনখনকৈ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত কৰিছে । বুধবাৰেও গুৱাহাটী বশিষ্ঠস্থিত দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বি এল সন্তোষ ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ।
বৈঠকত ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, প্ৰভাৰী পৱন শৰ্মাকে ধৰি ভালেসংখ্যক নেতাই অংশগ্ৰহণ কৰে । ২০২৪ৰ লোকসভা নিৰ্বাচন, দলীয় ভেটি সুদৃঢ়কৰণ আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয় বৈঠকখনত ।
আনহাতে বৈঠকত ২০২৪ৰ টিকট প্ৰত্যাশীৰ উপৰি বৰ্তমানৰ সাংসদসকলৰ ৰিপৰ্ট কাৰ্ড, সমষ্টিভিত্তিক সাংগঠনিক শক্তি আদি বিষয় পৰ্যালোচনা কৰে বি এল সন্তোষে । উল্লেখ্য যে সোমবাৰৰ পৰাই গুৱাহাটীত মাৰাথন বৈঠকত ব্যস্ত বি এল সন্তোষ । বিজেপিৰ কেন্দ্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদকগৰাকীয়ে বৈঠকৰ অন্তত বাজপেয়ী ভৱনৰ পৰা দিল্লী অভিমুখে ৰাওনা হয় ।
বৈঠকৰ অন্তত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে বৈঠকত সাংগঠনিক দিশৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় । বি এল সন্তোষৰ মাৰ্গদৰ্শন লৈ নিৰ্বাচনলৈ প্ৰস্তুত হৈছে বিজেপি । অহা মাহত কি কৰিব লাগিব তাৰ বিষয়ে ৰোডমেপ দিছে বি এল সন্তোষে । এতিয়াৰ পৰা ৰৈ নাথাকে বিজেপি, টাৰ্গেট লোকসভাৰ আটাইকেইখন আসন ।
নতুন বছৰত বিজেপিত নতুন পন্থা উদ্ভাৱন কৰিব বুলি সদৰী কৰি তেওঁ কয় যে ২ জানুৱাৰীত কমিটিৰ তিনিগৰাকী মেম্বাৰক দিয়া হ'ব প্ৰশিক্ষণ । বুথৰ পালক হিচাবে নিৰ্বাচিত হ'ব কমিটিৰ তিনি মেম্বাৰ । বিধানসভা পৰ্যায়ত হ'ব এই তিনিজনীয়া বুথ পালন । আগন্তুক দুটা মাহত কৰিবলগীয়া কামৰ ৰ'ডমেপ প্ৰস্তুত কৰা হৈছে । একোটা বুথত ৫০ জনতকৈ কম আৰু ৭০ জনতকৈ অধিক কায্যকৰ্তা থাকিব নালাগিব ।