গুৱাহাটী,8 এপ্ৰিলঃতলা বন্ধৰ সময়ত দেশৰ দৰিদ্ৰ লোকসকল সন্মুখীন হৈছে তীব্ৰ খাদ্য সংকটৰ । সেয়ে চৰকাৰে এইসকল লোকৰ সাহায্যৰ বাবে বিনামূলীয়া খাদ্য সামগ্ৰী যোগানৰ ব্যৱস্থা কৰিছে ৷ অসমতো ৰাজ্য চৰকাৰে প্ৰদান কৰি আছে সাহায্য ৷ ইয়াৰ মাজতে কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যই সাহায্য প্ৰদানৰ ক্ষেত্ৰত নিৰ্মাণ কৰা চৰকাৰী তালিকাত চৰকাৰী যন্ত্ৰ ব্যৱহাৰ নোহোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ।
আৰ্তজনৰ তালিকা প্ৰস্তুতকৰণত ব্যৱহাৰ হোৱা নাই চৰকাৰী যন্ত্ৰঃ অপূৰ্ব ভট্টাচাৰ্য - আৰ্তজনৰ তালিকা প্ৰস্তুতকৰণত ব্যৱহাৰ হোৱা নাই চৰকাৰী যন্ত্ৰঃঅপূৰ্ব ভট্টাচাৰ্য
তলা বন্ধৰ সময়ত ৰাজ্যৰ আৰ্তজনক চৰকাৰী সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰস্তুত কৰা তালিকাত চৰকাৰী যন্ত্ৰৰ ব্যৱহাৰ নোহোৱাৰ অভিযোগ কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যৰ । চৰকাৰী যন্ত্ৰৰ পৰিৱৰ্তে বিজেপি দলৰ সদস্যসকলে তালিকা প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ।
![আৰ্তজনৰ তালিকা প্ৰস্তুতকৰণত ব্যৱহাৰ হোৱা নাই চৰকাৰী যন্ত্ৰঃ অপূৰ্ব ভট্টাচাৰ্য BJP worker involved making of benificiaries list during lockdown](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6709636-thumbnail-3x2-a.jpg)
ভট্টাচাৰ্যই অভিযোগ উত্থাপন কৰি চৰকাৰী যন্ত্ৰৰ পৰিৱৰ্তে বিজেপি দলৰ সদস্যসকলে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা বুলি উল্লেখ কৰে । কংগ্ৰেছ নেতাগৰাকীয়ে চৰকাৰক জনতাৰ মাজত বিভাজন নকৰি ৰাজধৰ্ম পালন কৰিবলৈ অনুৰোধ জনায় । ভট্টাচাৰ্যই লগতে কয় যে, সংকটৰ সময়ত সমগ্ৰ দেশবাসী চৰকাৰৰ লগত আছে । চৰকাৰে প্ৰদান কৰা সকলো নিৰ্দেশনা দেশবাসীয়ে আখৰে আখৰে পালন কৰি আছে । বিৰোধী ৰাজনৈতিক দলসমূহে চৰকাৰক এই বিপদৰ সময়ত সম্পূৰ্ণ সহযোগ প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে কংগ্ৰেছ নেতা অপূৰ্ব ভট্টচাৰ্যই ৷
লগতে চাওকঃকামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰিলে শাক-পাচলিৰ মূল্য