অসম

assam

ETV Bharat / state

অসমত বিজেপিৰ তিনিদিনীয়া "ক'লা দিৱস" পালন - next three day as "black day"

বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে এখন সংবাদমেল যোগে জনাইছে এই কথা ৷

BJP will regard next three day as "black day": Ranjit Das
অসমত বিজেপিৰ তিনিদিনীয়া "ক'লা দিৱস" পালন

By

Published : Jun 25, 2020, 6:02 PM IST

গুৱাহাটী, ২৫ জুন: বৃহস্পতিবাৰৰ পৰা বিজেপিয়ে তিনিদিনীয়াকৈ পালন কৰিছে "ক'লা দিৱস" । কিয়নো ১৯৭৫ চনৰ ২৫ জুনৰ দিনটোতে ভাৰতবৰ্ষৰ তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীয়ে দেশত ঘোষণা কৰিছিল জৰুৰীকালীন অৱস্থা । সেয়েহে ভাৰতবৰ্ষৰ ইতিহাসত ২৫ জুনৰ দিনটো এক কলংকিত দিন হিচাপে লিপিবদ্ধ হৈ আছে ৷ উল্লেখ্য যে, এই দিনটোতে গণতন্ত্ৰক হত্যা কৰিছিল কংগ্ৰেছে ৷ যাৰ বাবে বিজেপিয়ে প্ৰতি বছৰে এই দিনটোক "ক'লা দিৱস" হিচাপে পালন কৰি আহিছে ৷ এইবাৰ অসমত তিনিদিনীয়াকৈ পালন কৰা হ'ব এই "ক'লা দিৱস" । বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে এখন সংবাদমেল যোগে জনাইছে এই কথা ৷ দিছপুৰৰ চৰকাৰী বাসগৃহত আয়োজিত সংবাদমেলখনত তেওঁ আৰু কয় যে ২১ মাহৰ পিছত অৰ্থাৎ ১৯৭৭ চনৰ ২১ মাৰ্চত জনগণৰ বিপুল প্ৰতিবাদৰ ফলশ্ৰুতিত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল ।

অসমত বিজেপিৰ তিনিদিনীয়া "ক'লা দিৱস" পালন

উল্লেখ্য যে, ১৯৭৫ চনৰ ২৫ জুনত ইন্দিৰা গান্ধীয়ে জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ প্ৰভাৱ আটাইতকৈ বেছিকৈ পৰিছিল অসমত ৷ গণতন্ত্ৰৰ কন্ঠৰুদ্ধ কৰিবলৈ অসমৰ তিনিজনকৈ জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ সহায় লৈছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ৷ তেওঁলোক আছিল সেই সময়ৰ জাতীয় কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি দেৱকান্ত বৰুৱা, জাতীয় কংগ্ৰেছৰ যুটীয়া সম্পাদক তথা যুৱ কংগ্ৰেছ আৰু কংগ্ৰেছ সেৱা দলৰ তত্বাৱধায়ক তৰুণ গগৈ আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, সেই সময়ৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত ফখৰুদ্দিন আলী আহমেদ । এই তিনিওগৰাকীয়েই ইন্দিৰা গান্ধীৰ গোপন ষড়যন্ত্ৰৰ অংশীদাৰ আছিল ।

অসমত বিজেপিৰ তিনিদিনীয়া "ক'লা দিৱস" পালন

কিন্তু সেই সময়ত জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত দেশৰ সৰু-বৰ ৰাজনৈতিক দল একগোট হৈছিল আৰু কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে জনমত গঠন কৰি ১৯৭৭ চনত জনতা পাৰ্টি গঠন কৰিছিল । জৰুৰীকালীন অৱস্থাত ইন্দিৰা গান্ধীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ পঠোৱা সেই সময়ৰ অসমৰ নেতাসকলকো আজি শ্ৰদ্ধাৰে সোঁৱৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷

লগতে পঢ়কঃ কলা শাখাত ৪৭৩ নম্বৰেৰে তৃতীয় স্থানত ডুমডুমাৰ মৌমিতা কোঁৱৰ

ABOUT THE AUTHOR

...view details