গুৱাহাটী, 14 মাৰ্চ : বি টি আৰত মিত্ৰতা থাকিলেও সংগঠনৰ শক্তি বুজিবলৈ বিজেপিয়ে অকলে খেলিব বি টি চি নিৰ্বাচন। সোমবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এখন সংবাদমেল যোগে এই কথা স্পষ্ট কৰে মন্ত্ৰী ভৱেশ কলিতাই । মন্ত্ৰীগৰাকীয়ে কয় যে, বি টি চি নিৰ্বাচনত ৪০টা পৰিষদীয় সমষ্টিতে প্ৰাৰ্থী দিব বিজেপিয়ে ৷ বি টি চি নিৰ্বাচনত বিজেপিয়ে ৩০ খন আসন পাব বুলি আশাবাদী মন্ত্ৰী কলিতা ৷
সংগঠনৰ শক্তি বুজিবলৈ বিজেপিয়ে অকলে খেলিব বি টি চি নিৰ্বাচন - bjp will contest alone with in btc election
৪০০ত কৈ অধিক প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে বি টি চি নিৰ্বাচনৰ বাবে । অহা ১৬ মাৰ্চত ঘোষিত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা । সংবাদ মেলত প্ৰকাশ ভৱেশ কলিতাৰ ৷
![সংগঠনৰ শক্তি বুজিবলৈ বিজেপিয়ে অকলে খেলিব বি টি চি নিৰ্বাচন BJP WILL STAND ALONE IN BTC ELECTION](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6406251-thumbnail-3x2-hf.jpg)
বিজেপিয়ে অকলে খেলিব বি টি চি নিৰ্বাচন
বিজেপিয়ে অকলে খেলিব বি টি চি নিৰ্বাচন
আনহাতে, অহা ১৬ মাৰ্চত ঘোষিত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা। নিৰ্বাচনৰ পিচত চৰকাৰ গঠনত বুজাবুজি হ'ব পাৰে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে । এই যুঁজত অগপই বিজেপিক সহায় কৰিব বুলি সংবাদমেলত মন্তব্য মন্ত্ৰী ভৱেশ কলিতাৰ।
লগতে পঢ়ক :কৰ'না আতংকঃ ৩১ মাৰ্চলৈকে ৰাজহুৱা অনুষ্ঠানত ভাগ নলয় মুখ্যমন্ত্ৰীয়ে