গুৱাহাটী, ৭ জুন: বিজেপি চৰকাৰে নিজ দলৰ ৰাজনৈতিক ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া চলাই আছে । এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে । বুধবাৰে দলৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দলৰ উপ-সভাপতি তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব চন্দ্ৰকান্ত দাসে কয় যে, সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ বা ডিলিমিটেচন প্ৰক্ৰিয়াটো ৰাজ্য চৰকাৰৰ পূৰ্ণ হস্তক্ষেপত বিজেপি দলৰ ইচ্ছা অনুসৰি হৈ আছে (AJP criticizes BJP govt)।
অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ তত্বাৱধানত গোপনে চৰকাৰৰ ফালৰ পৰাই ডিলিমিটেচনৰ খচৰা প্ৰস্তুত কৰি নিৰ্বাচন আয়োগক জমা দিয়া হৈছে আৰু আয়োগে কেৱল ৰাইজক দেখুৱাবলৈ খচৰাখন প্ৰকাশৰ আনুষ্ঠানিকতা সম্পন্ন কৰিব বুলি তেওঁ অভিযোগ কৰে (Constituency delimitation in Assam) ।
তেওঁ কয় যে, আইন মতে ডিলিমিটেচন প্ৰক্ৰিয়াৰ মানচিত্ৰ প্ৰস্তুত কৰাৰ দায়িত্ব সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া অৰ্থাৎ ৰাজহ চক্ৰ বিষয়াৰহে । ৰাজহ চক্ৰ বিষয়াই তেওঁৰ ওপৰৰ বিষয়া মহকুমা নিৰ্বাচনী পঞ্জীয়ন বিষয়া (মহকুমাধিপতি) বা জিলা নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ (উপায়ুক্ত) সৈতে আলোচনা সাপেক্ষে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ প্ৰস্তাৱ দিয়ে (Process of constituency delimitation) ।
লগতে পঢ়ক:Goods train ran over workers: ওড়িশাত পুনৰ ৰে’ল দুৰ্ঘটনা; ছয়জন শ্ৰমিকৰ মৃত্যু
এই ক্ষেত্ৰত প্ৰশাসনীয় এলেকাৰ সীমা আৰু ভৌগোলিক সা-সুবিধাসমূহৰ বিষয়ৰ প্ৰতি বিশেষ ধ্যান দিয়াটো এটা চৰ্ত । কিন্তু এইবাৰ এগৰাকী মন্ত্ৰীৰ তত্বাৱধানত নিৰ্বাচন আয়োগৰ দ্বাৰা নহয় বৰং ৰাজনৈতিক ব্যক্তিৰ দ্বাৰাহে অসমৰ সকলো সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰা হৈছে বুলি দাসে কয় (AJP on constituency delimitation) ।