অসম

assam

আমাৰ দেশ ধৰ্মশালা নহয়ঃ শিৱ ৰাজ সিং চৌহান

দুদিনীয়া কাৰ্যসূচীলৈ উত্তৰ-পূব ভ্ৰমণৰ বাবে গুৱাহাটীত উপস্থিত মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী । লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে কাম কৰাটো মোডী চৰকাৰৰ লক্ষ্য বুলি কলে শিৱ ৰাজ সিঙ চৌহানে ৷

By

Published : Aug 2, 2019, 7:51 PM IST

Published : Aug 2, 2019, 7:51 PM IST

আমাৰ দেশ ধৰ্মশালা নহয়ঃ শিৱ ৰাজ সিং চৌহান

গুৱাহাটী, 2 আগষ্টঃ " উগ্ৰপন্থীক সম্পূৰ্ণ দমনৰ বাবে NIA ক শক্তিশালী কৰিব বি জে পি চৰকাৰে" ৷ এই মন্তব্য বি জে পিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি শিৱ ৰাজ সিং চৌহানৰ ৷ শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷

দুদিনীয়া কাৰ্যসূচীলৈ উত্তৰ-পূব ভ্ৰমণৰ বাবে গুৱাহাটীত উপস্থিত মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী । লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে কাম কৰাটো মোডী চৰকাৰৰ লক্ষ্য বুলি কলে শিৱ ৰাজ সিঙ চৌহানে ৷ লোকসভা নিৰ্বাচনৰ জয়ৰ বাবে অসমবাসীক ধন্যবাদ জনালে উপ-সভাপতি গৰাকীয়ে ৷ সংবাদমেলত চৌহানে কংগ্ৰেছক সমালোচনা কৰাৰ উপৰিও কংগ্ৰেছ চৰকাৰে ভোট বেংকৰ জৰিয়তে ৰাজনীতি কৰি অসমক ধংস কৰাৰ চেষ্টা কৰিছিল বুলিও মন্তব্য কৰে ৷ তাৰোপৰি ৰাহুল গান্ধীকে ধৰি মমতা বেনাৰ্জীকো তীব্ৰ সমালোচনা উপ-সভাপতি গৰাকীৰ ৷

আনহাতে, সাংবাদিকে NRC সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে NRC কেৱল অসমৰ বাবে নহয় ভাৰতবৰ্ষৰ বাবে, NRC হ'ব লাগে লাগে, আমাৰ দেশ ধৰ্মশালা নহয় বুলি মন্তব্য কৰে ৷

মন্তব্য কৰে ৷

আমাৰ দেশ ধৰ্মশালা নহয়ঃ শিৱ ৰাজ সিং চৌহান

ABOUT THE AUTHOR

...view details