অসম

assam

By

Published : Mar 12, 2022, 2:51 PM IST

ETV Bharat / state

নাৰায়ণপুৰ বিজেপিয়ে গঠন কৰিব পৌৰসভা

নাৰায়ণপুৰৰ নিৰ্দলীয় প্ৰার্থী হৰি চন্দ্ৰক আৰু জয়ামাই দেউৰী, কংগ্ৰেছ দলৰ মায়া চন্দ্ৰক আৰু পল্লৱী হাজৰিকা বনিয়াই যোগদান কৰে বিজেপি দলত ৷ ইয়াৰ লগতে নাৰায়ণপুৰত বিজেপিৰ নেতৃত্বত পৌৰসভা গঠন হোৱাটো নিশ্চিত(BJP to form Municipality board in Narayanpur) । গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে বিজেপি

BJP to form municipality board in Narayanpur
নাৰায়ণপুৰ বিজেপিয়ে গঠন কৰিব পৌৰসভা

গুৱাহাটী, 12 মাৰ্চ :নাৰায়ণপুৰ পৌৰসভাতো নিজৰ অধিপত্য স্থাপন কৰিবলৈ সক্ষম হ’ল বিজেপি ৷ ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জনদৰদী কৰ্মৰ প্ৰতি আকৃষ্ট হৈ পৌৰসভা নিৰ্বাচনত জয়লাভ কৰা নাৰায়ণপুৰৰ নিৰ্দলীয় প্ৰার্থী হৰি চন্দ্ৰক আৰু জয়ামাই দেউৰী, কংগ্ৰেছ দলৰ মায়া চন্দ্ৰক আৰু পল্লৱী হাজৰিকা বনিয়াই যোগদান কৰে ৷ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে আয়োজিত এখন যোগদান সভাত দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে নেতাকেইগৰাকীয়ে ।

উল্লেখযোগ্য যে শুকুৰবাৰৰ এই যোগদানৰ পিছত নাৰায়ণপুৰ পৌৰসভাত ভাৰতীয় জনতা পাৰ্টিৰ শক্তি সাতলৈ বৃদ্ধি পোৱাৰ লগতে নাৰায়ণপুৰ পৌৰসভা বিজেপিৰ নেতৃত্বত গঠন হোৱাটো নিশ্চিত হ’ল(Assam Municipal Corporation Election 2022) । আনহাতে সদ্যসমাপ্ত মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন আৰু পৌৰসভা নিৰ্বাচনত অভূতপূৰ্ব বিজয় সাব্যস্ত কৰাৰ পাছত ভাৰতীয় জনতা পাৰ্টিয়ে বিজয়ৰ একেধৰণৰ ধাৰাবাহিকতা গুৱাহাটী পৌৰ নিগমৰ নিবাৰ্চনতো অক্ষুন্ন ৰখাৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ।

এপ্ৰিল মাহত গুৱাহাটী পৌৰ নিগমৰ 60 টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । দলে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব বিধায়ক জয়ন্ত মল্ল বৰুৱাক আহ্বায়ক আৰু দলৰ ৰাজ্যিক উপ সভাপতি অশোক ভট্ট ৰায়ক সহ-আহ্বায়ক হিচাপে লৈ 10 জনীয়া এক শক্তিশালী নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰিছে । হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত আগন্তুক পৌৰ নিগমৰ বাবে দলৰ ৰণনীতিৰ লগতে গুৱাহাটী মহানগৰীৰ জন-গাঁঠনি আৰু ৰাজনৈতিক পৰিৱেশৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয় ।

লগতে পঢ়ক :১০ মে’ৰ ভিতৰত ১ লাখ নিবনুৱাক নিযুক্তি দিয়ক : অখিল গগৈ

ABOUT THE AUTHOR

...view details