অসম

assam

ETV Bharat / state

Lok Sabha Election 2024 : লোকসভা নিৰ্বাচনত উত্তৰ-পূৰ্বাঞ্চলৰ ৯২ শতাংশ আসন দখলৰ লক্ষ্য বিজেপিৰ - Lok Sabha seats in Assam

২০২৪ৰ লোকসভা নির্বাচনক লৈ ব্যাপক তৎপৰতা শাসকীয় দলৰ (BJP strategy for upcoming Lok Sabha election)। ৬ কেন্দ্ৰীয় মন্ত্রীক উত্তৰ পূবৰ ৮ ৰাজ্যৰ দায়িত্ব । উত্তৰ-পূবৰ ২৫ টা সমষ্টিৰ ২৩ টা জয়ৰ লক্ষ্যৰে বিশেষ ৰণকৌশল বিজেপিৰ । কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুক অসমৰ সমষ্টিৰ দায়িত্ব । অসমৰ ১৪ খন আসনৰ ভিতৰত ১২ খনত জয়ৰ টার্গেট ।

Election
উত্তৰ-পূৰ্বাঞ্চলৰ ৯২ শতাংশ আসন দখলৰ লক্ষ্য বিজেপিৰ

By

Published : Oct 18, 2022, 2:22 PM IST

গুৱাহাটী,১৮ অক্টোবৰ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ ৰণকৌশল প্ৰস্তুত কৰি সেইদৰে আগবাঢ়িছে শাসকীয় দল বিজেপি । ২০২৪ৰ লোকসভা নির্বাচনলৈ (Lok Sabha Election 2024) মাজত ডেৰ বছৰ বাকী থকা অৱস্থাত যুদ্ধংদেহি প্ৰস্তুতি আৰম্ভ হৈছে বিজেপিৰ মজিয়াত । বিৰোধী শিবিৰ বহুধা-বিভক্ত হৈ থকাৰ লগতে নির্বাচনী ৰণ-কৌশলক লৈ বিৰোধী দলসমূহ বিভ্ৰান্তিৰ মাজত থকা সময়ত বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে আগ্রাসীভাৱে সাজু হৈছে । বিজেপিয়ে উত্তৰ-পূৰ্বাঞ্চলত ২৩ খন আসন দখলৰ লক্ষ্যৰে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰি আগবাঢ়িছে (Lok Sabha seats in North east)।

উত্তৰ-পূৰ্বাঞ্চলৰ ৯২ শতাংশ আসন দখলৰ লক্ষ্য বিজেপিৰ

অৰ্থাৎ বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৯২ শতাংশ আসন নিজৰ দখলত ৰাখিব বিচাৰিছে (BJP target NE for Lok Sabha election)। উত্তৰ-পূবৰ ৰাজ্যকেইখনত থকা ২৫ খন আসনৰ ভিতৰত ২৩ খনেই নিজৰ দখললৈ নিয়াৰ উদ্দেশ্যে বিজেপিয়ে ৬ গৰাকী কেন্দ্রীয় মন্ত্রীক বিশেষ দায়িত্ব অর্পণ কৰিছে । উত্তৰ-পূবৰ ৮ খন ৰাজ্যৰ লোকসভা সমষ্টিসমূহ তদাৰক কৰাৰ বাবে আইন আৰু ন্যায় দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজু, জল পৰিবহণ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সুভাষ সৰকাৰ, তথ্য-প্রযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙক দায়িত্ব দিয়া হৈছে ।

উল্লেখ্য যে একেৰাহে দুবাৰকৈ দিল্লীৰ শাসনভাৰ লাভ কৰা বিজেপিয়ে ২০২৪ৰ সাধাৰণ নিৰ্বাচনতো বিজয়ধ্বজা উৰুৱাবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিবলৈ সাজু হৈছে । গেৰুৱা দলটোৱে ইতিমধ্যে দেশজুৰি নিৰ্বাচনী অভিযানৰ পাতনিও মেলিছে । অসমতো শীৰ্ষ নেতৃত্বৰ ইতিমধ্যে আগমন ঘটিছে । গুৱাহাটীত বিশাল বুথ সন্মিলন অনুষ্ঠিত কৰি বিজেপিয়ে নিৰ্বাচনৰ ৰণডংকা বজাইছে (BJP strategy for Lok Sabha election)।

উত্তৰ-পূৰ্বাঞ্চলৰ ৯২ শতাংশ আসন দখলৰ লক্ষ্য বিজেপিৰ

উল্লেখ্য যে ২০১৯ৰ লোকসভা নির্বাচনত কম ভোটৰ ব্যৱধানত পৰাস্ত হোৱা সমষ্টিৰ তালিকা প্রস্তুত কৰি উলিয়াইছে বিজেপিয়ে । কম ভোটৰ ব্যৱধানত পৰাস্ত হোৱা তথা আগত নির্বাচনত বিজয়ৰ সম্ভাৱনা থকা দেশৰ তেনে ১৪৪ টা সমষ্টিৰ ভিতৰত আছে অসমৰ তিনি সমষ্টি ক্রমে নগাঁও, কলিয়াবৰ আৰু বৰপেটা সমষ্টি । 'লোকসভা প্রবাস' শীৰ্ষক অভিযানেৰে উক্ত ১৪৪ টা সমষ্টিত এইবাৰ বিজয় নিচান উৰুৱাবলৈ শাসকীয় দলটোৱে আৰম্ভ কৰিছে ব্যাপক কুচকাৱাজ । বিজেপিৰ এটা শীৰ্ষ সূত্রই জনোৱা মতে আগত লোকসভা নির্বাচনত অসমৰ ১৪ খন আসনৰ ভিতৰত কমেও ১২ খনত বিজয়ী হ'বলৈ টার্গেট স্থিৰ কৰা হৈছে ।

ইয়াৰ ভিতৰত আছে বর্তমানে নিজৰ দখলত থকা ৯ টা সমষ্টিৰ উপৰিও কংগ্ৰেছৰ দখলত থকা নগাঁও, কলিয়াবৰ আৰু বৰপেটা । আনহাতে অসমক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৭ খন ৰাজ্যত আছে ১১ খন আসন । সম্প্ৰতি ইয়াৰে ৬ খনত বিজেপি সাংসদ থকাৰ সমান্তৰালকৈ ৪ খনত বিজেপিৰ মিত্ৰদল আৰু এখনত আছে কংগ্ৰেছ সাংসদ । সূত্ৰটোৰ মতে ২০২৪ৰ লোকসভা নিৰ্বাচনত উক্ত আটাইকেইটা সমষ্টিতে বিজেপিয়ে মিত্রদলৰ সহযোগত বিজয় নিচান উৰুৱাবলৈ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে ।

এইদৰে অসমৰ ১২ টা সমষ্টি আৰু উত্তৰ-পূবৰ অন্যান্য ৰাজ্যকেইখনৰ ১১ সমষ্টি সামৰি অঞ্চলটোৰ মুঠ ২৩ টা সমষ্টি এইবাৰ এন ডি এৰ দখললৈ নিবলৈ বিজেপিৰ মজিয়াত চলিছে যুদ্ধংদেহি প্রস্তুতি (Lok Sabha seats in Assam)। দেশৰ আন প্ৰান্তত আসনৰ সংখ্যা কমিলেও যাতে উত্তৰ-পূৰ্বাঞ্চলৰ আসনকেইখনেৰে সম্ভাব্য লোকচান পূৰণ কৰিব পৰা যায়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে উত্তৰ-পূৰ্বাঞ্চলক টার্গেট হিচাপে লৈছে গেৰুৱা দলটোৱে । এনে প্রেক্ষাপটতে অসমৰ সমষ্টিকেইটাৰ দায়িত্ব দিয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৰ লগতে সোণোৱালক ।

ৰিজিজুৱে মূলতঃ লোকসভা প্রবাস অভিযানৰ অধীনত নগাঁও, কলিয়াবৰ আৰু বৰপেটা সমষ্টিৰ তদাৰকত থাকিব । মন্ত্রী সোণোৱালক কলিয়াবৰ লোকসভা সমষ্টিৰ বুথসমূহ তদাৰক কৰিবলৈ দায়িত্ব অর্পণ কৰা হৈছে । 'বুথ সশক্তিকৰণ' শীর্ষক এক অভিযানৰ অংশস্বৰূপে সোণোৱালক দিয়া হৈছে উক্ত দায়িত্ব । ইফালে নগাঁও আৰু বৰপেটা সমষ্টিত 'বুথ সশক্তিকৰণ'ৰ বাবে দায়িত্ব দিয়া হৈছে ৰাজ্যসভাৰ সাংসদ ক্রমে কামাখ্যা প্রসাদ তাছা আৰু ভুৱনেশ্বৰ কলিতাক ।

একেদৰে ধুবুৰী সমষ্টিত বুথ সশক্তিকৰণৰ দায়িত্ব অর্পণ কৰা হৈছে আন এগৰাকী ৰাজ্যসভাৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাক । আনহাতে যিকেইটা সমষ্টি বিজেপিৰ দখলত আছে সেইকেইটাত সংশ্লিষ্ট সাংসদগৰাকীয়ে বুথ সশক্তিকৰণ অভিযানৰ নেতৃত্ব দিব । ইফালে মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ বাবে নির্বাচনী অভিযানৰ তদাৰকৰ দায়িত্ব দিয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰী সুভাষ সৰকাৰক । একেদৰে ত্ৰিপুৰা আৰু নাগালেণ্ডৰ দায়িত্বত নিয়োজিত কৰা হৈছে মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰক ।

ছিকিমৰ দায়িত্বত আন এগৰাকী মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জনক নিয়োজিত কৰাৰ সমান্তৰালকৈ মেঘালয়ৰ সমষ্টিকেইটা তদাৰক কৰিব ৰাজীৱ চন্দ্ৰশেখৰ আৰু ৰামেশ্বৰ তেলীয়ে ৷ কাৰ্যতঃ ২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত ডেৰ বছৰ বাকী থকা অৱস্থাত পূর্ণ পৰিকল্পনাৰে নিৰ্বাচনী ৰণলৈ সাজু হৈছে বিজেপি । ইতিমধ্যে আৰম্ভ কৰিছে কুচ-কাৱাজ ।

লগতে পঢ়ক :Raju Sahu slammed AIUDF: লোকসভা নিৰ্বাচন AIUDF দল বিগ জিৰ হ’ব: ৰাজু চাহু

ABOUT THE AUTHOR

...view details