গুৱাহাটী, ৭ জুলাই:ৰাজ্যজুৰি অব্যাহত আছে বানৰ সংহাৰ (Assam flood 2022)৷ ইয়াৰ মাজতে ৰাজনৈতিক দলসমূহৰ মাজত বান সাহাৰ্য বিতৰণৰ সন্দৰ্ভত আক্ৰমণ প্ৰত্যাক্ৰমণৰ খেলে ৰাজ্যবাসীৰ হাঁহিৰ খোৰাক যোগাইছে ৷ এইবাৰ বৃহস্পতিবাৰে সংবাদমেল যোগে কংগ্ৰেছ নেত্ৰী অংকিতা দত্তক কটাক্ষ বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ ৷ কংগ্ৰেছ নেত্ৰীগৰাকীক বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হ'বলৈ আহ্বান যুৱ মৰ্চাৰ (BJP state yuva marcha slams Ankita Dutta) ৷ ৰাজীৱ ভৱনত বিনামূলীয়া বিতৰণ কেন্দ্ৰ খুলি বাৰ্ণল বিলাবলৈ অংকিতা দত্তক আহ্বান কৰে ৷
যুৱ মৰ্চাৰ নেতৃবৰ্গই অংকিতা দত্তক সমালোচনা কৰি কয় যে বর্তমান সময়ত কংগ্ৰেছৰ নেতা সকলৰ কাৰণে বাৰ্ণল ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ৷ ৰকিবুল হুছেইন, গৌৰৱ গগৈ, দেবব্ৰত শইকীয়া, ভূপেন বৰা আদি নেতাকহে বাৰ্ণলৰ প্ৰয়োজন বুলি উল্লেখ কৰি যুৱ মৰ্চাৰ নেতৃবৰ্গই কয় যে বৰ্তমান সময়ত ৰাজ্যৰ সৰ্বত্ৰে পৰাজয়ৰ অহস্যকৰ ৰাজনৈতিক যন্ত্ৰণাত কংগ্ৰেছী নেতাসকল ছটফটাই আছে ৷ সেয়েহে ৰাজীৱ ভৱনত বিনামূলীয়া বিতৰণ কেন্দ্ৰ খুলি বাৰ্ণল বিলাবলৈ অংকিতা দত্তক আহ্বান জনায় যুৱ মৰ্চাৰ নেতৃত্বই ৷
লগতে যুৱ মৰ্চাৰ নেতৃবৃন্দই কয় যে কেতিয়াও জীৱনত বোকাপানী গছকি নোপোৱা কেৱল টেলিভিছনৰ পৰ্দাত বানপানীৰ দৃশ্য চাই সংবাদমেল পাতি অর্থহীন আৰু অযুক্তিকৰ মন্তব্য প্ৰদান কৰাটো অতিকৈ হাস্যকৰ ৷ যি সময়ত ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই অসমৰ বিভিন্ন প্ৰান্তৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়াই আহিছে, সেই সময়ত যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থকা অংকিতা দত্তই বানাক্ৰান্ত ৰাইজৰ ফালে পিঠি দি নিজৰ সস্তীয়া প্ৰচাৰ কাৰ্যত লিপ্ত হৈছে ৷ এতিয়া বার্ণল নহয়, ফেনাইল, ব্লিছিং পাউদাৰ বিতৰণৰ সময় ৷