গুৱাহাটী, 5 নৱেম্বৰ:“দেশৰ বিভিন্ন ৰাজ্যত কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া মৰ্চাৰ অন্তৰ্গত ৰাজনৈতিক দলসমূহৰ চূড়ান্ত ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰিয়ে এই মৰ্চাৰ দলসমূহৰ দেশৰ জনতাৰ প্ৰতি যে কোনোধৰণৰ দায়বদ্ধতা নাই তাকে প্রমাণ কৰিছে ” - এই বক্তব্য ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱাৰ । শনিবাৰে দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত বৰুৱাই উল্লেখ কৰে যে শেহতীয়াকৈ ইণ্ডিয়া মৰ্চাৰ এগৰাকী অন্যতম বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে স্পষ্টভাৱে প্ৰকাশ কৰিছে যে এই মৰ্চাৰ কৰ্মসূচী ৰূপায়ণৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ কোনোধৰণৰ দায়ৱদ্ধতা নাই ।
জন্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্রী ওমৰ আব্দুলাই স্পষ্টভাৱে এই মৰ্চাৰ আভ্যন্তৰীণ সংঘাতৰ কথা প্ৰকাশ কৰা বুলিও অভিযোগ তুলিছে বৰুৱাই । আনহাতে, বিভিন্ন ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত ইণ্ডিয়া মিত্ৰজোঁটে ভাৰতবৰ্ষৰ জনতাক কোনোপধ্যে আস্বস্ত কৰিব নোৱাৰিব বুলিও বৰুৱাই সংবাদমেলত কয় । তদুপৰি, কেইবা দশক শাসনত থকা কংগ্ৰেছ দলৰ কোনোধৰণৰ গ্ৰহণযোগ্যতা ৰাইজৰ মাজত নাই বুলি বিজেপিৰ মুখ্য মুখপাত্রগৰাকীয়ে দাবী কৰে ।