অসম

assam

ETV Bharat / state

BJP State President React: পাৰে যদি কংগ্ৰেছে গুৱাহাটীত জিকি দেখুৱাওক: ভৱেশ কলিতাৰ চেলেঞ্জ - General Election 2024

কংগ্ৰেছক লৈ ভৱিষ্যদ্বাণী বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷ ‘‘মুখ্যমন্ত্রীয়ে 14 টা সমষ্টিতে যদি প্ৰতিদ্বন্দিতা কৰে তেতিয়া হলে 14 টা সমষ্টিতে জিকিব ৷’’ কলে ভৱেশ কলিতাই ৷

BJP State President React
দম আছে যদি কংগ্ৰেছে গুৱাহাটীত জিকি চাওঁক

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 6:31 PM IST

Updated : Oct 17, 2023, 9:40 PM IST

দম আছে যদি কংগ্ৰেছে গুৱাহাটীত জিকি চাওঁক

গুৱাহাটী,17 অক্টোবৰ: মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ বিশেষ কৰ্মশালা অনুষ্ঠিত হয় । সোমবাৰে অনুষ্ঠিত কৰ্মশালাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু মণিপুৰৰ বিজেপি কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে ।

কৰ্মশালাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি । প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি সম্পৰ্কত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক কিদৰে অৱগত কৰিব পাৰি সেই বিষয়ে অনুষ্ঠিত কৰা হয় এই কৰ্মশালা ।

কৰ্মাশালাৰ পাচতে কংগ্ৰেছক সমালোচনা কৰি কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াই ৰাজ্যিক বিজেপিৰ সভাপতি কলিতাই । তেওঁ কয়, ‘‘কোনো জাতি-জনগোষ্ঠীক অপমান কৰাৰ কাৰো অধিকাৰ নাই ৷ মিচিং জনগোষ্ঠী আমাৰ লগত আছে ৷ সদায় থাকিব ৷ তেওঁলোকৰ উন্নয়নৰ বাবে আমি কাম কৰি আছো ৷ কংগ্ৰেছৰ মাটিত শিপা নোহোৱা হৈছে ৷’’

‘‘কংগ্ৰেছে প্ৰথমে মিচিং জনগোষ্ঠীৰ স্বাভিমানক ভৰিৰে গচকিলে ৷ এতিয়া ক্ষমা খুজিছে । এই ভুল ভৱেশ কলিতাই কৰিলেও ক্ষমা কৰিব নালাগে ৰাইজে ৷ মিচিং সম্প্ৰদায়ৰ সন্মানৰ প্ৰতীক ৰিবি গাচেঙক অপমান কৰিছে ৷ এই কাৰ্যক মই গৰিহনা দিছো ৷’’ এই মন্তব্য সভাপতি কলিতাৰ ৷

আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে এখনো আসন নাপাব বুলি উল্লেখ কৰি কলিতাই কয়, ‘‘মুখ্যমন্ত্রীয়ে 14 টা সমষ্টিতে যদি প্ৰতিদ্বন্দিতা কৰে তেতিয়া হলে 14 টা সমষ্টিতে জিকিব । দম আছে যদি কংগ্ৰেছে গুৱাহাটীত, ডিব্ৰুগড় আদি সমষ্টিত জিকি চাওঁক ৷ আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ বিগ জিৰ’ হ’ব ৷"

লগতে পঢ়ক:CM HBS Controversy: মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা শিক্ষা ব্যৱস্থাত শেষ গজালটো মাৰিবলৈ ওলাইছে

Last Updated : Oct 17, 2023, 9:40 PM IST

ABOUT THE AUTHOR

...view details