গুৱাহাটী, ৩০ জুলাই: 'আমি হ'লো নেতা, নেতাৰ লগত ফটো নুঠি কাৰ লগত উঠিব । ৰাস্তাৰে যোৱা ভিখাৰীজনৰ লগত উঠিব নেকি ।' - দাম্ভিকতাৰ এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ । উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পৃষ্ঠপোষকতাত চুপাৰি আৰু বালিৰ ছিণ্ডিকেট চলাৰ কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এটাৰ পাচত আনটোকৈ ছিণ্ডিকেটত ভৱেশ কলিতাৰ নাম সাঙোৰ খাই পৰাত ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে ।
বিৰোধী ৰাজনৈতিক দলসমূহৰ লগতে বিভিন্ন সংগঠনে ভৱেশ কলিতাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । বিশেষকৈ চুপাৰি ছিণ্ডিকেট সন্দৰ্ভত ভৱেশ কলিতাৰ ব্যক্তিগত সচিব জিতু দাসক আৰক্ষীয়ে সোধা-পোছা চলোৱাৰ পাচত বালিৰ মহলক লৈ পোহৰলৈ অহা বন বিভাগৰ পত্ৰ সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । যাক লৈ বৰ্তমান ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত দেওবাৰে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ভৱেশ কলিতাই জিতু কলিতা তেওঁৰ ব্যক্তিগত সচিব নহয় বুলি পুনৰ দোহাৰে ।