গুৱাহাটী ৩০, মে’:বিজেপিত দলীয় অন্তঃকন্দল অব্যাহত থকা বুলি চৰ্চা সন্দৰ্ভত মন্তব্য আগবঢ়াইছে দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ মঙলবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ কাৰ্যালয়ত এই মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷তেওঁ কয় যে, সকলোৱে ভাৰতৰ সেৱাৰ বাবে কাম কৰি আছে । দলীয় ভেটি মজবুত কৰিবলৈ সকলোৱে কাম কৰি আছে । তাৰ মাজতে ইজনে সিজনক বেয়াপোৱা ভালপোৱা থাকেই । দেশ প্ৰথম, তাৰ পাচত পাৰ্টি, তাৰ পাচতহে কৰ্মকৰ্তাৰ স্থান (Internal conflict in Assam BJP) ।
লগতে, শিৱসাগৰৰ বিজেপিৰ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ কৰ্মীসকলে পদত্যাগ কৰাক লৈ মন্তব্য আগবঢ়াই ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে, তেওঁলোকে ভুল বুজিছে, তথ্য প্ৰযুক্তি বিভাগৰ জিলা পৰ্যায়ৰ বৈঠক হোৱা নাই । পৰৱৰ্তী সময়ত জিলা পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব । লগতে কুমুদ কছাৰীৰ ভাইৰেল হোৱা অডিঅ’ সম্পৰ্কে তেওঁ কয়, ‘‘এতিয়ালৈ মই অডিঅ’ টো শুনা নাই । হেমন্ত কলিতাও আমাৰ দলৰেই, কুমুদ কছাৰীও আমাৰ দলৰ । আমি বিষয়টো চাই ল’ম ।’’(Sivsagar BJP IT Cell news)
লগতে পঢ়ক:Anand Mishra: আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰাত বাধা