অসম

assam

ETV Bharat / state

বিজেপিয়ে 90 শতাংশ প্ৰতিশ্ৰুতি পূৰণ কৰিছে : সুভাষ দত্ত

ৰাজীৱ ভৱনত সংবাদমেল যোগে বিজেপি চৰকাৰৰ বিফলতা দাঙি ধৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক প্ৰত্যুত্তৰ বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তৰ ৷ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰিপুণ বৰাক যুক্তি-তৰ্কত বহিবলৈ প্ৰত্যাহ্বান সুভাষ দত্তৰ ৷

By

Published : Nov 1, 2020, 7:49 AM IST

BJP spokesperson Subhash Dutta reaction
ৰিপুণ বৰাক প্ৰত্যুত্তৰ বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তৰ

গুৱাহাটী,1 নৱেম্বৰ : সমাগত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ । এদিন পূৰ্বে ৰাজীৱ ভৱনত সংবাদমেল আয়োজন কৰি বিজেপি চৰকাৰৰ বিফলতা দাঙি ধৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । লগতে বিজেপি কাৰ্যকালৰ প্ৰতিখন বাজেট আৰু কামৰ নমুনা ৰাজহুৱা কৰিব বুলি ঘোষণা কৰিছিল ।

ৰিপুণ বৰাৰ এনে সমালোচনাৰ পাচতে ইয়াৰ প্ৰতিক্ৰিয়া আহিছে বিজেপি দলৰ পৰা । এইবাৰ বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই উভতি ধৰিছে ৰিপুণ বৰা আৰু কংগ্ৰেছ দলক ।

ৰিপুণ বৰাক প্ৰত্যুত্তৰ বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তৰ

ৰাইজক দিয়া 90 শতাংশ প্ৰতিশ্ৰুতি ইতিমধ্যে বিজেপিয়ে পূৰণ কৰা বুলি উল্লেখ কৰে বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই । ৰিপুণ বৰাৰ বাজেটৰ খতিয়ানত মন্তব্য সন্দৰ্ভত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰিপুণ বৰাক যুক্তি-তৰ্কত বহিবলৈ প্ৰত্যাহ্বান জনাইছে সুভাষ দত্তই ।

ইয়াৰোপৰি কংগ্ৰেছে বিভিন্ন আঁচনিত দুৰ্নীতি হোৱা বুলি অভিযোগ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই ।

লগতে পঢ়ক :মৰাণ ছাত্ৰসন্থাৰ অধিৱেশনত জাতি-মাটি ৰক্ষাৰ কথা ক’লে মুখ্যমন্ত্ৰী সোণোৱালে

ABOUT THE AUTHOR

...view details