অসম

assam

ETV Bharat / state

Lok Sabha Elections 2024: ২৯ আগষ্টত অসমৰ ১২৬ টা বিধানসভা সমষ্টিত বিজেপিৰ ভোটাৰ তালিকা সংশোধনী সম্পৰ্কীয় কৰ্মশালা

লোকসভা প্রবাস যোজনাৰ আধাৰত বিজেপিৰ শীর্ষ নেতৃত্বই আটাইকেইটা লোকসভা সমষ্টিত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে ৷ ২৯ আগষ্টত অসমৰ ১২৬ টা বিধানসভা সমষ্টিত ভোটাৰ তালিকা সংশোধনীৰ লগতে নতুন নাম অন্তর্ভুক্তি, মৃত ব্যক্তিৰ নাম কৰ্তন আৰু স্থানান্তকৰণৰ বাবে ভোটাৰ চেতনা অভিযানৰ কৰ্মশালা অনুষ্ঠিত হ’ব ৷ ইয়াৰ লগতে বিজেপি সাংসদ নথকা কলিয়াবৰ (কাজিৰঙা), নগাঁও আৰু বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ২৯ টা বিধানসভা সমষ্টিত একোজনকৈ বিস্তাৰক নিযুক্ত কৰা হৈছে ৷

Lok Sabha Elections 2024
বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 8:34 PM IST

বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত

গুৱাহাটী, ২৮ আগষ্ট:আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পার্টিয়ে বৃদ্ধি কৰিছে সাংগঠনিক তৎপৰতা । ইতিমধ্যে ভোটাৰ তালিকাৰ সংশোধনীৰ কাম নির্বাচন আয়োগে আৰম্ভ কৰাৰ সমান্তৰালভাৱে ভাৰতীয় জনতা পার্টিয়ে অসমত ভোটাৰ চেতনা অভিযান আৰম্ভ কৰিছে । এই উদ্দেশ্যৰে সোমবাৰে বশিষ্ঠস্থিত বিজেপি দলৰ মুখ্য কাৰ্যালয়ত এখন ৰাজ্যিক কর্মশালা অনুষ্ঠিত কৰা হয় ৷

ৰাজ্যিক কৰ্মশালাৰ পূৰ্বে বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই দলৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি ভোটাৰ চেতনা অভিযানক দলে গুৰুত্ব সহকাৰে গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে । তেওঁ এই উদ্দেশ্য ২৯ আগষ্টত অসমৰ ১২৬ টা বিধানসভা সমষ্টিত ভোটাৰ তালিকা সংশোধনীৰ লগতে নতুন নাম অন্তর্ভুক্তি, মৃত ব্যক্তিৰ নাম কৰ্তন আৰু স্থানান্তকৰণ যাতে সুকলমে হ’ব পাৰে তাৰ বাবে বিধানসভা সমষ্টিৰ ভিত্তিত একোখনকৈ কর্মশালা অনুষ্ঠিত কৰাৰ কথা সদৰী কৰে ।

উক্ত কর্মশালাত প্ৰতিটো মণ্ডলৰ সভাপতি, শক্তিকেন্দ্ৰ প্ৰমুখ, বুথৰ সভাপতি, বুথ লেভেল এজেণ্ট, বি এল এ ১ আৰু বিধায়কসকলে অংশগ্রহণ কৰাৰ কথা ব্যক্ত কৰি সুভাষ দত্তই অসমৰ ১৪ টা লোকসভা সমষ্টিতেই জয়যুক্ত হোৱাৰ বাবে দলে গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁ দলটোৰ সাংসদ নথকা কলিয়াবৰ (কাজিৰঙা), নগাঁও আৰু বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ২৯ টা বিধানসভা সমষ্টিত একোজনকৈ বিস্তাৰক নিযুক্ত কৰাৰ কথাও জানিবলৈ দিয়ে ৷ ইতিমধ্যে লোকসভা প্রবাস যোজনাৰ আধাৰত দলত শীর্ষ নেতৃত্বই আটাইকেইটা লোকসভা সমষ্টিত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰো কথাও বিজেপিৰ মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে ।

সুভাষ দত্তই লগতে কয়, লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালযত সামাজিক মাধ্যম আৰু তথ্য প্রযুক্তি কোষৰ এখন সভা অনুষ্ঠিত কৰা হয় । ভাৰতীয় জনতা পার্টি অসম প্ৰদেশৰ কাৰ্যকৰ্তাসকলে নিজৰ নিজৰ ক্ষেত্ৰত দায়িত্ব পালন কৰাৰ উপৰিও অসমৰ ছয়জন বিধায়কে মধ্য প্রদেশ, এঘাৰজন বিধায়কে ছত্তিশগড়ত আৰু এজন বিধায়কে মিজোৰামত নির্বাচনী প্রচাৰৰ দায়িত্ব পালন কৰি আছে । আগন্তুক লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন এন ডি এ চৰকাৰ গঠন হ'ব বুলি দৃঢ়তাৰে মতামত প্ৰকাশ কৰি মুখপাত্রজনে ভাৰতীয় জনতা পার্টিয়ে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক:Manipur Assembly: বিজেপিৰ মন্ত্ৰীসহ সৰ্বদলীয় ১৬ বিধায়কে বিৰোধিতা কৰিব মণিপুৰ বিধানসভা অধিবেশনৰ

ABOUT THE AUTHOR

...view details