গুৱাহাটী, ১০ জুলাই: ‘‘কংগ্ৰেছ দলৰ কামকাজ সন্ত্ৰাসবাদৰ পৰিপূৰক । দলটোৰ তুষ্টিকৰণৰ নীতিয়ে সন্ত্ৰাসবাদক লালন পালন কৰি আহিছে । সন্ত্ৰাসবাদী কার্যকলাপৰ বিৰুদ্ধে সময়মতে কঠোৰ সিদ্ধান্ত ল’ব নোৱাৰাৰ বাবেই কংগ্ৰেছ আমোলত সমগ্ৰ দেশতে সন্ত্ৰাসবাদে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল । সেয়েহে কোৱা হয় কংগ্ৰেছ কা হাত আতংকবাদী কে সাথ ।’’ এই অভিযোগ ৰাজ্যিক বিজেপিৰ ।
বিজেপিৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আজি আয়োজন কৰা এখন সংবাদমেলত কংগ্ৰেছৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে দলৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই (BJP spokesperson Ranjib Kumar Sharma) । উল্লেখ্য যে, শনিবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা সাংসদ ৰঞ্জিত ৰঞ্জনে (MP Ranjeet Ranjan) গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি বিজেপি নেতা আৰু সন্ত্ৰাসবাদী ভাই ভাই আখ্যা দিছিল । লগতে বিজেপি আৰু সন্ত্ৰাসবাদৰ মাজত থকা সম্পৰ্কৰ বিষয়ে তথ্য সহকাৰে উল্লেখ কৰিছিল ।
কংগ্ৰেছৰ অভিযোগৰ পাছতে আজি সৰৱ হৈ পৰে ৰাজ্যিক বিজেপি । সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই কয় যে, ইউ পি এৰ দহ বছৰীয়া শাসনকালত মুম্বাইৰ তাজ হোটেল আক্ৰমণকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিক বোমা বিস্ফোৰণেৰে পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে এক অৰাজক অৱস্থাৰ সৃষ্টি কৰিছিল (Attack on Taj Hotel Mumbai) । কিন্তু তদানীন্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং নেতৃত্বাধীন ইউ পি এ চৰকাৰে এইক্ষেত্ৰত নীৰৱতা গ্ৰহণ কৰি সন্ত্ৰাসবাদক বলিষ্ঠ হোৱাত পৰোক্ষভাৱে সহায় কৰিছিল ।
ইউ পি এ চৰকাৰৰ এনে দুৰ্বল নীতিয়ে দেশবাসীক অতিষ্ঠ কৰি তোলা পৰিলক্ষিত হৈছিল । মনমোহন সিং চৰকাৰখনৰ কামকাজে পি এফ আইৰ দৰে সংগঠনক নিজৰ ভেঁটি সমগ্ৰ দেশত বিস্তাৰ কৰিবলৈ সহায় কৰিছিল বুলি মুখপাত্ৰজনে মন্তব্য কৰে । কংগ্ৰেছৰ সাংসদগৰাকীৰ অভিযোগক ভিত্তিহীন আৰু কল্পনাপ্ৰসূত বুলি উল্লেখ কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰজনে কয় যে, কাশ্মীৰত লস্কৰ সন্ত্ৰাসবাদী বুৰহান বানী নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হওঁতে শোক প্ৰকাশ কৰি বিবৃতি দিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ।